+

 Diphu court announces the punishmentof the accused Jhankar Saikia murder case

২৪ ফেব্ৰুৱাৰী, গুৱহাটী : ৰাজ্য কপাঁই তোলা ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। ২০১৩ চনৰ ২৫ জুন তাৰিখে কাৰ্বি আংলং লগতে সমগ্ৰ ৰাজ্য কঁপাই গৈছিল ঝংকাৰ হত্যাকাণ্ডই। এটা ১০ টকাৰ কাৰণে পিতৃৰ সন্মুখতে নিৰ্মমভাৱে হত্যা কৰা হৈছিল ঝংকাৰ শইকীয়াক।

কাৰ্বি আংলঙত ২০১৩চনৰ ২৫ জুনত এদল উন্মত্ত পাষণ্ডই মাত্ৰ দহ টকাৰ বাবে ডিফু চহৰৰ মাজমজিয়াত পিতৃৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ঝংকাৰ শইকীয়াক। অট’ৰিক্সাৰ ভাডা়ৰ বাবে হোৱা সামান্য তৰ্কাতৰ্কিৰ পাছতে ষ্টেণ্ডত থকা একাংশ অট’ৰিক্সা চালক আৰু একাংশ স্থানীয় লোকে নৃশংশভাৱে প্ৰহাৰ কৰিছিল ঝংকাৰ আৰু পিতৃক। এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ঝংকাৰে ১ জুলাইত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।  

সুদীৰ্ঘ ৭ বছৰৰ পাছত এম আহমেদৰ বিচাৰপীঠে এই জঘন্য হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান প্ৰদান কৰে।কাৰ্বিআংলং জিলাৰ সত্ৰ ন্যায়াধীশ আদালতত আজি হত্যাকাণ্ডৰ লগত জড়িত ১৬ জন দোষীক হাজিৰ কৰাই। ইয়াৰ পাছতে ১২ গৰাকী অভিযুক্তক দোষী সাব্যস্ত কৰে আদালতে। 

ঘটনাৰ সময়ত জড়িত থকা দুই আৰক্ষী ক্ৰমে এ এচ আই ৰমেশ নাথ আৰু হাবিলদাৰ হাৰুন বৰা, সাৰ্থে বে আৰু দিলীপ তেৰণক  দোষমুক্ত বুলি জানিব দিয়ে। অহা ২৮ ফেব্ৰুৱাৰীত দোষীক শাস্তি বিহা হ’ব বুলি আদালতে ৰায় প্ৰদান কৰে। 

facebook twitter