+

Did Assam minister Himanta Biswa Sarma’s convoy kill 2 people?

১৬ আগষ্ট, গুৱাহাটী : স্বাধীনতা দিৱসৰ দিনাই বিশ্বনাথৰ বাঘমাৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীয়ে নিশা প্ৰায় ৮.৩০ মান বজাত এক দুৰ্ঘটনা সংঘটিত কৰাৰ খবৰ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি লখিমপুৰত পতাকা উত্তোলন কৰি উভতি আহি থকাৰ সময়তে মন্ত্ৰীজনৰ কনভয়ে এখন বাইকত খুন্দা মাৰে। এই পথ দুৰ্ঘটনাত AS12 U 3768 নম্বৰৰ বাইকখনত থকা দুজন বাইক আৰোহী থিতাতে নিহত হয় আৰু এজন আহত হয় ।

নিহত লোক দুজন ক্ৰমে- বিপুল মাঝি আৰু সুচেন জগদুলা বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত শচীন গোৱালাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক।

প্ৰত্য়ক্ষদৰ্শীয়ে অভিযোগ কৰা মতে - অতি দ্ৰুত বেগত আহি থকা কনভয়টোৰ গাড়ীখনে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কনভয়টোৰ এখন গাড়ীত সাংসদ পল্লৱ লোচন দাসো আছিল বুলি স্থানীয় লোকে দাবী কৰিছে।

ইফালে বিশ্বনাথৰ দুৰ্ঘটনা সন্দৰ্ভত মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁৰ কনভয়ৰ গাড়ীৰ খুন্দাত এই দুৰ্ঘটনাটো সংঘটিত হোৱা নাই। উক্ত ঘটনাটো এখন ট্ৰাকৰ খুন্দাতহে সংঘটিত হৈছিল। ট্ৰাকৰ খুন্দাত এই লোক দুজনৰ মৃত্যু হৈছে বুলি মন্ত্ৰীজনে কয়। একেখন বাইকেৰে আহি থকা তিনিজন বাইক আৰোহীক কনভয়ৰৰ গাড়ীয়ে নহয় ট্ৰাকখনেহে খুন্দিয়াইছিল। ট্ৰাকখন পৰীক্ষা কৰিলে সকলো তথ্য পোহৰলৈ আহিব বুলি মন্ত্ৰী শৰ্মাই দাবী কৰে।

দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহতজনক নিবলৈ এখন এম্বুলেন্সৰ ব্যৱস্থাও কৰি দিছিল বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। অৱশ্য়ে ঘটনাস্থলীত উপস্থিত হৈ জিনজিয়া আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে।
{{P2rLAnPZgiHw4EizVBmE}}

ইতিমধ্য়ে উত্তেজিত লোকসকলে দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে ৰাজপথলৈ ওলাই আহে। দুৰ্ঘটনাটোত নিহত আৰু আহত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত স্থানীয় ৰাইজে  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধো কৰে।

facebook twitter