+

Deepor beel open for picnic groups   

৪ ডিচেম্বৰ, গুৱাহাটী : ডিচেম্বৰ মাহ মানেই বনভোজৰ বতৰ। আগন্তুক নৱবৰ্ষৰ লগতে মাঘ বিহুৰ সময়লৈ ৰাজ্যৰ বিভিন্ন বনভোজস্থলীত ভিৰ কৰেহি বনভোজৰ দলসমূহে।  

আজি গুৱাহাটীস্থিত দীপৰ বিল বনভোজ দলৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰত্যক বছৰৰ দৰে এইবছৰো চাফ চিকুনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে স্থানীয় নৱজ্যোতি ক্লাবে। চাফ চিকুণৰ বাবে সংঘটোৱে  ১২ জনকৈ লোকক নিয়োগ কৰিছে। 

প্ৰত্যক দিনাই বনভোজ সমাপ্ত হোৱাৰ পিছত পৰিষ্কাৰ কৰা হ’ব দ্বীপৰ বিলৰ বনভোজস্থলী। পুৱাৰ ভাগৰে পৰা বিয়লি ছয় বজালৈ খোলা থাকিব পক্ষীৰ বাবে বিখ্যাত দ্বীপৰ বিল। এইবাৰ বনভোজস্থলীত দুচকীয়া আৰু চাৰি চকীয়া বাহনৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই মূল্য  নিৰ্ধাৰণ কৰিছে। 

চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত ১০০ টকা, দুচকীয়া বাহনৰ ক্ষেত্ৰত ২০ টকা, তিনিচকীয়া বাহনৰ বাবে ৫০ টকা আৰু বাছৰ বাবে ২০০ টকা মূল্য নিৰ্ধাৰন কৰি দিয়া হৈছে। উল্লেখযোগ্য যে এইবাৰ বিলৰ চৌহদত বনভোজ দলসমূহৰ বাবে খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে।

    

facebook twitter