+

Covid-19: How safe childs from coronavirus in childhomes?

৩ এপ্ৰিল, গুৱাহাটীঃ বিশ্বজুৰি মৃত্যুৰ তাণ্ডৱলীলা চলোৱা ক'ৰোনা ভাইৰাছৰ সংহাৰত ত্ৰস্তমান ৰাজ্যবাসী। সমগ্ৰ বিশ্বজুৰি প্ৰায় দহ লক্ষাধিক লোক এই প্ৰাণঘাটক ভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃতকৰ সংখ্যা ৫৪, ১৯৮ গৰাকীলৈ বৃদ্ধি হৈছে। ক'ৰোনা ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ ওপৰত লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি ২৪ মাৰ্চৰ পৰা ১৪ এপ্ৰিলৰ নিশা ১২ বজালৈ তলা বন্ধৰ ঘোযণা কৰিছিল।

এই প্ৰাণঘাতক কৰোনা ভাইৰাছৰ ব্যাপক সংক্ৰমনৰ পৰা হাত সাৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ জিলা শিশু সুৰক্ষা বিভাগে? শিশুসকলৰ বাবে কিমান সুৰক্ষিত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ শিশু আবাসগৃহসমূহ?

এই সন্দৰ্ভত চাইল্ডলাইন ( ২৪ *৭ জৰুৰীকালীল সেৱা )ৰ সমন্বয়ৰক্ষী নিৰ্মল ডেকাই জিপ্লাছক কয় - "যোৱা ২৪ মাৰ্চৰ পৰা আমি প্ৰায় অসমৰ কৰিমগঞ্জ, ছিৰাং, বৰপেটা, শিৱসাগৰ আৰু যোৰহাট জিলাৰ ৯ জন শিশু উদ্ধাৰ কৰিছো। ইয়াৰে কিছুসংখ্যকেই  লক ডাউনৰ পূৰ্বেই গুৱাহাটীলৈ আহিছিল। কিন্তু লকডাউনৰ কাৰণে তেওঁলোকে ঘূৰি যাব নোৱাৰিলে। ইয়াৰ পাছতেই আমাক স্থানীয় লোকে যোগাযোগ কৰে,আমি স্বাস্থ্য বিভাগ আৰু জিলা আৰক্ষীৰ  সহযোগত  তেওঁলোকৰে ৬ গৰাকী শিশুক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰি  গুৱাহাটীৰ বিভিন্ন শিশু আবাসগৃহসমূহলৈ প্ৰেৰণ কৰিছো।"  

লগতে ডেকাই এই সময়ছোৱাত যদি কোনো অসহায়  শিশু দেখে ততালিকে চাইল্ডলাইনৰ ট'ল ফ্ৰী নম্বৰ ১০৯৮ ত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

আনহাতে কামৰূপ জিলা শিশু সুৰক্ষা বিভাগে কেনেদৰে শিশুসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে কামৰূপ মেট্ৰ'ৰ জিলা শিশু সুৰক্ষা বিষয়া ৰাজ লক্ষ্মীয়ে জিপ্লাছক কয় যে- "শিশুসকলৰ  স্বাস্থ্যৰ ওপৰত লক্ষ্য কৰি আমাক বিভাগৰ পৰা কিছুসংখ্যক নিৰ্দেশনা প্ৰদান কৰিছে। সেই অনুসৰি আমি প্ৰত্যেকটো শিশু আবাসগৃহৰ তত্বাৱধায়কসকলক একোটাকৈ আছুতীয় কক্ষ প্ৰস্তুত কৰি তুলিবলৈ নিৰ্দেশনা প্ৰদান কৰ হৈছে। এই সময়ছোৱাত নতুনকৈ অহা কোনা শিশুকে একেলগে ৰাখিবলৈ বাধা প্ৰদান কৰা হৈছে, নতুনকৈ অহা শিশুক আছুতীয়াকৈ  ৰখাৰ ব্যৱস্থা কৰা হৈছে। শিশু গৃহসমূহত কোনো বাহিৰা লোক ,অতিথি তথা পৰিদৰ্শনকাৰীক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।শিশুসকলে ঘনাই হাত ধুৱাৰ বাবেসকলো ধৰণৰ প্ৰয়োজনীয় সা- সমাগ্ৰী যোগান ধৰা হৈছে।"

লগতে তেওঁ কয় - "এতিয়ালৈ কামৰূপ আজাৰা পৰা মহানগৰীৰ ভিতৰুৱা অঞ্চলসমূহত মিলাই মুঠ ২৫ টা শিশু গৃহ আছে যদিও তাৰে এটা গৃহত এতিয়ালৈ কোনো শিশুকে ৰখা হোৱা নাই। এই শিশু আবাসগৃহসমূহত মুঠ ৫৯৯ গৰাকী শিশু বাস কৰি আছে। যোৱা ২৪ মাৰ্চৰ পৰা লক ডাউনৰ সময়ছোৱাত  এতিয়ালৈ ৫ গৰাকী শিশু নতুনকৈ ভৰ্তি কৰোৱা হৈছে।এতিয়ালৈ মাত্ৰ এটা শিশু আবাসগৃহতহে ক'ৰোনা ভাইৰাছৰ প্ৰতিৰক্ষাৰ বাবে ছেনিটাইজিং কৰিব পৰা গৈছে। আমি গুৱাহাটী পৌৰ নিগমৰ লগত যোগাযোগ কৰিছো। অতি শীঘ্ৰেই গোটেই শিশু আবাসগৃহসমূহত আমি ছেনিটাইজিং প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা হাতত লৈছো।"

উল্লেখযোগ্য যে যোৱা ২০১৯ বৰ্ষত  চাইল্ডলাইনে সমগ্ৰ ৰাজ্যজুৰি ৫৮৬ গৰাকী শিশুক উদ্ধাৰ কৰে। ২০১৯ বৰ্ষৰ ছেপ্তেম্বৰ মাহত চাইল্ডলাইনে ৰাজ্যত ৬২ টাৰে সৰ্বাধিক শিশু উদ্ধাৰ কৰা হৈছিল।

Tags :
facebook twitter