+

Bogibeel Bridge to be named as Birangana Sat Sadhani Xetu

১৭ ডিচেম্বৰ, গুৱাহাটী - অৱশেষত বহু জল্পনা কল্পনাৰ অৱসান ঘটাই দেশৰ দীৰ্ঘতম ৰে’লপথ-স্থলপথ দলংখনৰ নাম স্থিৰ কৰা হ’ল। বীৰাংগনা সতী সাধনী সেঁতু নামেৰে নামাকৰণ কৰা হ’ব এই দীৰ্ঘতম দলংখনৰ।

ইতিমধ্যেই বীৰাংগনা সতী সাধনী সেঁতু নামেৰে নামাকৰণ কৰাৰ আহ্বান জনাই ৰে’ল বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ পৰিবহণ বিভাগে। জানিব পৰামতে, পূৰ্বেই দলংখন বীৰাংগনা সাধনী দলং নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছিল ৰে’ল বিভাগে। অলপতে ৰাজ্যৰ পৰিবহণ বিভাগৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। পিছে বীৰাংগনা সাধনী দলঙৰ পৰিৱৰ্তে বগীবিল দলংৰ নাম বীৰাংগনা সতী সাধনী সেঁতু কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে পৰিবহণ বিভাগৰ উপ-সচিব ৰাহুল চন্দ্ৰ দাসে।

আজি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধকলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাহুল চন্দ্ৰ দাসে। উল্লেখ্য যে অহা ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই দলং।

facebook twitter