+

Bhaskar Jyoti Mahanta appointed as a acting DGP

২৯ নৱেম্বৰ, গুৱাহাটী : বহু জল্পনা কল্পনাৰ অন্তত নিযুক্তি দিয়া হ’ল ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান। আজি ভাস্কৰজ্যোতি মহন্তক ৰাজ্যৰ ভাৰপ্ৰাপ্ত  আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়ে ৰাজ্য চৰকাৰে ৷ 

৩ মহীয়া বৰ্ধিত কাৰ্যকালৰ পিছত ৩০ নৱেম্বৰ তাৰিখে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদৰ পৰা অৱসৰ ল’ব কুলধৰ শইকীয়াই |

ইয়াৰ পূৰ্বে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল মহন্তই। ইতিমধ্যে তথ্যচিত্ৰ পৰিচালক হিচাপেও যথেষ্ট সুনাম অৰ্জন কৰিছে মহন্তই। ১৯৮৮ চনৰ অসম-মেঘালয় কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ভাস্কৰজ্যোতি মহন্ত। শংকৰী কৃষ্টিক লৈ বিগত সময়ছোৱাত নিৰন্তৰ গৱেষণামূলক কামতো ব্ৰতী হৈ আছে নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকী।

facebook twitter