+

Assamese film director Pulak Gogoi conferred Lifetime Achievement award

গুৱাহাটী – কালিৰে পৰা গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা ৬ষ্ঠ বাৰ্ষিক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে জনপ্ৰিয় চৰিত্ৰাভিনেতা বোমন ইৰণী, শকুন বাৰ্ট্ৰা, শ্বাহনাৱ আলম, ৰণী লাহিড়িকে ধৰি ভালেমান শিল্পী-কলাকুশলী। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই মহোৎসৱ অহা ১ ডিচেম্বৰত সামৰণি পৰিব। মহোৎসৱৰ দুয়োটা দিনতে আলোচনাচক্ৰ, ছবি প্ৰদৰ্শন, ফিল্ম কুইজৰ লগতে ভালেমান আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। প্ৰতিবছৰৰ দৰে এইবছৰো ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল আয়োজন কৰিছে তত্ব ক্ৰিয়েশ্যনছে, সহযোগ কৰিছে অইল ইণ্ডিয়া লিমিটেডে। 

ফিল্ম ফেষ্টিভেলৰ সৈতে সংগতি ৰাখি আয়োজন কৰা চুটি ছবি প্ৰতিযোগিতাৰ পৰা বাচনিকৃত ছবিৰ প্ৰদৰ্শনেৰে দ্বিতীয়দিনৰ কাৰ্যসূচীৰ আৰম্ভ হয়। দ্বিতীয় দিনটোতেই ইৰাম হক পৰিচালিত ছবি What Will People Say, ক্ষীতিশ শৰ্মা পৰিচালিত Devil, আকশদিত্য লামা পৰিচালিত Nani Teri Morni আৰু কৰ্মা তাকাপা পৰিচালিত Ralang Road প্ৰদৰ্শিত হয়। আজিৰ দিনটোতেই অনুষ্ঠিত হয় ৰণী লাহিড়ি আৰু শ্বাহনাৱ আলমৰ মাজত এক সুন্দৰ আলোচনাচক্ৰ। এক বিশেষ মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা বোমন ইৰাণী।

অনুষ্ঠানৰ দ্বিতীয়দিনটোত প্ৰতিবছৰৰ লেখীয়াকৈ এইবছৰো প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা। এইবাৰ বিশিষ্ট পৰিচালক পুলক গগৈলৈ প্ৰদান কৰা হৈছে জীৱনজোৰা সাধনা বঁটা। বঁটাটি প্ৰদান কৰে বোমন ইৰাণীয়ে।

{{PRx6ntEp8c4ucb9q4yvj}}

চাৰিদিনীয়া এই মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া ছবিসমূহ ক্ৰমে Rockumentary: Evolution of Indian Rock, চোৰ (দ্য বাইচাইকেল), এন্ধাৰৰ ভেটা ভাঙি (Breaking the Cocoon) দো কাপ চাই,  Adi- At The Confluence, The Lost Idea, IYE : The Others ইত্যাদি। মহোৎসৱৰ অন্তিমখন ছবি হিচাপে প্ৰদৰ্শিত হ’ব অনুপম কৌশিকৰ বৰনদী ভটিয়ায়। 
 

facebook twitter