Assam team won 9 trophy

05:13 AM Sep 17, 2019 | G Plus News

১৭ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসমৰ খেলুৱৈৰ সাফল্য। যোৱা ১৩ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত অসমৰ খেলুৱৈ দলটোৱে ৯ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। অসমৰ খেলুৱৈ দলটোৱে  চাৰিটা সোন,এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক জয় অৰ্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনে। 

সোণৰ পদক অৰ্জন কৰা খেলুৱৈ সকল হল ক্ৰমে জোনমনি বড়ো, দেবী দৈমাৰী,মনজিতা কটকী আৰু ৰুঞ্জাপ্ৰিয়া পাঠক। ৰূপৰ পদক লাভ কৰে সীমান্ত বৰাই । আনহাতে ব্ৰঞ্জৰ পদক জয় কৰে কিশোৰ ঠাকুৰীয়া,শ্যাম হাজৰিকা আৰু মধুস্মিতা হাজৰিকাই | 

{{4CSF_UaoTFkjY5BY3FzZ}}

জোনমনি বড়োয়ে ‘দ্বিতীয় ষ্ট্ৰং ৱমেন অৱ ইণ্ডিয়া’ খিতাপ লাভ কৰে | দলটোৰ প্ৰশিক্ষক প্ৰশান্ত বৰাৰ নোতৃত্বত যোৱা দলটোৰ এই সাফল্যত গৌৰৱাণ্বিত ৰাজ্যবাসী।