+

Assam’s Iconic Tree ‘Bakhor Bengena’

৯ ছেপ্তেম্বৰ,গুৱাহাটী : ইতিহাসে গৰকা এজোপা বিস্ময়কৰ বৃক্ষ। এসময়ৰ আহোম ৰাজত্বকালৰ বৰ্ণিল ইতিহাসৰ সাক্ষী এই বটবৃক্ষজোপা হৈছে “বাখৰ বেঙেনা। শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ বকতাত থকা বুৰঞ্জীপ্ৰসিদ্ধ এই বাখৰ বেঙেনাই অতিক্ৰম কৰিছে প্ৰায় ৬০০ বছৰ। 

বিশ্বৰ প্ৰায়সমূহ বিৰল প্ৰজাতিৰ উদ্ভিদৰ ভিতৰতে অন্যতম এই বাখৰ বেঙেনা আহোম ৰাজত্বকালৰ পৰাই আজিও এই ঠাইত জীৱন্ত সাক্ষী হৈ আছে। ৩০ ফুট উচ্চতাৰ এই বাখৰ বেঙেনা নামৰ গছজোপাৰ বৈজ্ঞানিক নাম ৰেনডিয়া ইউলিজিন'চা(Randia Uliginosa)। এই গছজোপাৰ প্ৰজনন ক্ষমতা নাই । বহুতো লোক তথা বিজ্ঞানীয়ে এই গছজোপাৰ বীজ সিচিঁবলৈ চেষ্টা কৰিছে যদিও এতিয়ালৈ পুলি গজাব নাই গছজোপাৰ। 

{{4CSF_UaoTFkjY5BY3FzZ}}

প্ৰবাদমতে জয়ন্তীপুৰৰ বৰাহী ৰজা মহামানিক্যই এই গছজোপা ৰোপন কৰিছিল।গছজোপা এতিয়া ফলে-ফুলে জাতিস্কাৰ হৈ পৰিছে। আহোম ৰাজত্ব কালৰ সৌৰ্য-বীৰ্যৰ প্ৰতীক এই বাখৰ বেঙেনা প্ৰতিজন অসমীয়াৰ বাবে হৈ আহিছে এক গৌৰৱৰ প্ৰতীক। 

উল্লেখ্য যে এই বাখৰ বেঙেনাৰ নামত ইতিমধ্যে ডাক টিকট প্ৰকাশ পাইছে । আনহাতে বকতাৰ এইজোপা সৰ্ববৃহৎ বাখৰ বেঙেনা গছৰ সংৰক্ষণৰ ক্ষেত্ৰত সদায়ে যত্ন লৈ আহিছে বকতা অঞ্চল ৰাইজে। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বকতাৰ এই বাখৰ বেঙেনাক লৈ পৰ্যটন ক্ষেত্ৰৰ যথেষ্ট সম্ভাৱনাৰ কথা উল্লেখ কৰিলে স্থানীয় লোকসকলে। এই ঐতিহাসিক গছজোপাক লৈ গৌৰৱাণ্বিত প্ৰতিজন অসমবাসী, অতি শীঘ্ৰেই বিশ্বৰ বুকুত সগৌৰৱে জিলিকি উঠক এই বিস্ময়কৰ গছজোপা।

facebook twitter