Assam police warn not share fake videos 

01:18 PM Feb 27, 2020 | G Plus News

২৭ ফেব্ৰুৱাৰী, গুৱাহাটী : বিগত তিনিদিনৰ পৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে অশান্তজৰ্জৰিত হৈ আছে দিল্লীৰ পৰিৱেশ। দিল্লীৰ এই পৰিস্থিতিৰ পাছত ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বহু আপত্তিজনক ছবি আৰু ভিডিঅ’। 

অসম আৰক্ষীয়ে টুইটযোগে এক প’ষ্ট কৰি কয় যে ছচিয়েল মিডিয়াত এনেধৰণৰ ভুৱা ছবি তথা ভিডিঅ’ প্ৰচাৰ কৰা একাউণ্টসমূহ আৰক্ষীৰ নিৰীক্ষণত থাকিব। আৰক্ষীয়ে এই অপপ্ৰচাৰসমূহ নকৰিবলৈ নিৰ্দেশনা জাৰী কৰে।