+

Assam designer shines at London

গুৱাহাটী - তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ২০১৮ আৰু ভাৰত কনক্লেভ শীৰ্ষক পৰম্পৰাগত সাজপাৰৰ ফেশ্বন শ্ব’ত উত্তৰ পূৱক প্ৰতিনিধিত্ব কৰি অসমকন্যাই পুনৰ সুনাম কঢ়িয়াই আনিছে।

এইবাৰ লণ্ডনত অনুস্থিত হোটেল হলি ডে ইন আৰু ব্ৰিটিছ পাৰ্লিয়ামেন্টত ডিজাইন কৰা পাট- মুগাৰ মেখেলা চাদৰ, লেহেংগা আদি আঠযোৰ সাজ পোচাকেৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয় অসম কন্যা মাধুৰী ভৰালী বৰ্মনে।

{{PRx6ntEp8c4ucb9q4yvj}}

উল্লেখ্য যে ফেশ্বন ডিজাইনৰ বাবে সুদুৰ লণ্ডনৰ পৰা The Baroness Sandip Verma আৰু The Lord Loomba CBEৰ নিমন্ত্ৰন লাভ কৰিছিল অসম কন্যা মাধুৰী ভৰালী বৰ্মনে। বিদেশত অসমৰ নাম উজ্বলাই আজি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে আত্মীয় তথা শুভকাংক্ষীয়ে প্ৰতিভাৱান ডিজাইনাৰগৰাকীক আদৰণি জনায়।

facebook twitter