Article 371 will not be removed, says Amit Shah in Arunachal

06:32 AM Feb 21, 2020 | G Plus Digital Desk

২১ ফেব্ৰুৱাৰী, গুৱাহাটী - উত্তৰ পূৰ্বৰ সাংস্কৃতিক ঐতিহ্য আৰু পম্পৰাগত প্ৰথাক সুনিশ্চিত কৰি ৰখাৰ স্বাৰ্থতেই সংবিধানৰ অনুচ্ছেদ ৩৭১ প্ৰত্যাহাৰ কৰাৰ কোনো অভিপ্ৰায় নাই। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। উত্তৰ–পূবৰ ৰাজ্য অৰুণাচল প্রদেশৰ ৩৪সংখ্যক প্রতিষ্ঠা দিৱসৰ কার্যসূচীত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে সংবিধানৰ অনুচ্ছেদ ৩৭১ থাকিব আৰু ইয়াক প্রত্যাহাৰ কৰা নহ’ব৷ অনুচ্ছেদ ৩৭০ বিলুপ্তিৰ লগত ইয়াৰ কোনো সম্পর্ক নাই৷ ৰাজ্যখনৰ ৰাজধানী ইটানগৰত আয়োজিত প্রতিষ্ঠা দিৱসৰ বিশাল জনসমাৱেশত অৰুণাচলবাসীক প্রতিষ্ঠা দিৱসৰ অভিনন্দন জনাই কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলুপ্তি ঘটাৰ পাছত উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যত বাহাল থকা অনুচ্ছেদ ৩৭১ প্রত্যাহাৰ কৰা হ’ব বুলি ভুৱা প্রচাৰ চলি আছে৷ এই অনুচ্ছেদৰ জৰিয়তে ৰাজ্যসমূহত সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত প্রথা সুৰক্ষিত হৈ আছে বুলি উল্লেখ কৰি অনুচ্ছেদটো প্রত্যাহাৰ কৰাৰ কোনো প্রশ্ণই নাই বুলি স্পষ্ট কৰি দিয়ে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে৷ ভাৰত মাতা কী জয় ধ্বনিৰে সভাৰ ভাষণ আৰম্ভ কৰা কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে উত্তৰ–পূর্বাঞ্চলৰ সংস্কৃতি আৰু ঐতিহ্যক ভূয়সী প্রশংসা কৰে৷ তদুপৰি ভাৰতৰ ৫ লাখ কোটি মার্কিন ডলাৰৰ অর্থনীতি উত্তৰ–পূবৰ বিকাশ অবিহনে সম্ভৱ নহয় বুলি কয় কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদী শাসনলৈ অহাৰ পাছতেই উত্তৰ–পূবৰ সম্পর্ক দেশৰ আন আন প্রান্তৰ সৈতে আৱেগিক সংহতিপূর্ণ হৈ উঠিছে বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে ২০১৪ চনৰ পূর্বে উত্তৰ–পূবৰ সম্পর্ক দেশৰ আন প্রান্তৰ সৈতে কেৱল ভৌগোলিকহে আছিল৷ কিন্তু নৰেন্দ্র মোদীয়ে প্রধানমন্ত্রীৰ দায়িত্ব লোৱাৰ পাছতেই অঞ্চলটোৰ ২৭ জনজাতি আৰু ১৩০ উপ–জনজাতিৰ দেশৰ হূদয়ৰ সৈতে সংপৃক্ত হৈছে৷ অৰুণাচল প্রদেশ ঔদ্যোগিক আৰু বিনিয়োগ নীতি, ২০২০ৰ লগতে কেইবাটাও আঁচনি মুকলি কৰি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে উত্তৰ–পূবক মোদী চৰকাৰে বিশেষ গুৰুত্ব দিছে৷ প্রতি ১৫ দিনৰ মূৰে মূৰে কেন্দ্রীয় মন্ত্রীসকলে অঞ্চলটো ভ্রমণ কৰিব৷ ইতিমধ্যে বিগত পাঁচ বছৰত প্রধানমন্ত্রী মোদীয়ে ৩০বাৰ অঞ্চলটো ভ্রমণ কৰিছে৷ তদুপৰি উত্তৰ–পূবত থকা উগ্রপন্থী সমস্যা আৰু আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ বাবে মোদী চৰকাৰৰ পদক্ষেপক উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– ২০২৪ চনত যেতিয়া আপোনালোকৰ ভোট আমি বিচাৰিম, তেতিয়া উত্তৰ–পূব উগ্রপন্থী সমস্যা আৰু আন্তঃৰাজ্যিক সীমা বিবাদৰ পৰা মুক্ত হ’ব৷ গৃহমন্ত্রী শ্বাহে ভাষণত আৰু কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আৰু মুখ্যমন্ত্রী পেমা খাণ্ডুৰ সহযোগত যোৱা ৬ বছৰত ৰাজ্যখনত যথেষ্ট উন্নয়ন সাধিত হৈছে৷

ৰাজ্যখনৰ পথসমূহ উন্নয়নৰ বাবে ৫০ হাজাৰ কোটি আৰু আই আই টি কেম্পাছৰ বাবে ৪৩০ কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে৷ অৰুণাচল প্রদেশ ২০২৪ চনৰ ভিতৰত দেশৰ অন্যতম উন্নত ৰাজ্যসমূহৰ লগত সমকক্ষ হোৱাৰ পথত বুলিও অমিত শ্বাহে মন্তব্য কৰে৷ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে ভাষণত হোলোংগীৰ বিমানবন্দৰ নির্মাণৰ বাবে পুঁজি মোকলাই দিয়া আৰু নাগৰিকত্ব সংশোধনী আইনৰ পৰা ৰাজ্যখনক বাহিৰত ৰখাত কেন্দ্রীয় গৃহমন্ত্রীজনক ধন্যবাদ জ্ঞাপন কৰে৷ পূর্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি পোৱাৰ ৩৩ বছৰ পাছতো পৃথক আই এ এছ আৰু আই পি এছ কেডাৰ নোপোৱাত খেদ প্রকাশ কৰি অতি সোনকালে ৰাজ্যখনে পৃথক কেডাৰ লাভ কৰিব বুলি পেমা খাণ্ডুৱে আশা প্রকাশ কৰে৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ গৃহমন্ত্রী শ্বাহে অৰুণাচল প্রদেশ আৰক্ষীৰ নতুন মুখ্য কার্যালয়ৰ আধাৰশিলা স্থাপন, অৰুণাচল প্রদেশ ঔদ্যোগিক আৰু বিনিয়োগ আঁচনি, সীমান্ত পথ সংস্থাই নির্মাণ কৰা জোৰাম–ক’লৰিং পথ, নাহৰলগুনৰ লেখি ভিলেজত নৱনির্মিত আন্তঃৰাজ্যিক বাছ আস্থান উদ্বোধন কৰাৰ লগতে কেন্দ্রীয় মন্ত্রীজনে আন তিনিখন আঁচনিও উদ্বোধন কৰে৷ ইয়ানগৰৰ ইন্দিৰা গান্ধী উদ্যানত অনুষ্ঠিত এই বিশাল জনসমাৱেশত ৰাজ্যপাল ব্রিগেডিয়াৰ ড০ বি ডি মিশ্র, কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজু, ড০ জিতেন্দ্র সিং, অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডু, ‘নেডা’ৰ আহ্বায়ক তথা অসমৰ বিত্ত, স্বাস্থ্য, গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা প্রমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

ইপিনে, ইফালে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে অৰুণাচল প্রদেশ ভ্রমণক লৈ আপত্তি দর্শাইছে চুবুৰীয়া ৰাষ্ট্র চীনে৷ বেইজিং প্রশাসনে গৃহমন্ত্রী শ্বাহৰ ভ্রমণে ভূ–খণ্ডৰ সার্বভৌমত্ব আৰু ৰাজনৈতিক বিশ্বাসক ভংগ কৰিছে বুলি অভিযোগ কৰে৷ উল্লেখ্য যে চীনে দশক দশক ধৰি অৰুণাচলক দেশখনৰ অংগ হিচাপে দাবী কৰি আহিছে৷ দেশখনৰ মতে অৰুণাচল প্রদেশ হৈছে ছাউদার্ন তিব্বতৰ অংশ৷ ইয়াৰ পৰিপ্রেক্ষিততে ভাৰতৰ কোনো শীর্ষ নেতাই অৰুণাচল ভ্রমণ কৰিলে আপত্তি দর্শোৱাটো স্বাভাৱিক প্রক্রিয়াত পৰিণত হৈছে৷ চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র গেং শ্বুৱাঙে অনলাইনত ভাৰতৰ গৃহমন্ত্রীগৰাকীৰ ভ্রমণত আপত্তি দর্শাইছে৷ চীনৰ এই আপত্তিক নস্যাৎ কৰি ভাৰতৰ বৈদেশিক মন্ত্রালয়ে কয় যে অৰুণাচল প্রদেশ ভ্রমণক লৈ চীনৰ আপত্তি গ্রহণযোগ্য নহয়৷ কিয়নো অৰুণাচল প্রদেশ ভাৰতৰ আভ্যন্তৰীণ আৰু অভিন্ন অংশ৷(উৎস - নিয়মীয়া বাৰ্তা)