+

APSC Prelims on 30th Dec, admit cards available on the website

গুৱাহাটী, ১৬ ডিচেম্বৰ - বহু প্ৰতীক্ষাৰ অন্তত অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক)পৰীক্ষা ২০১৮। ইতিমধ্যেই কালি এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰসমূহ মুকলি কৰি দিয়া হৈছে। অসম লোকসেৱা আয়োগৰ ৱেবছাইটত উপলব্ধ হৈছে প্ৰৱেশ পত্ৰসমূহ। পৰীক্ষাৰ বাবে আবেদন কৰা পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ অসম লোকসেৱা আয়োগৰ ৱেবছাইট http://www.apsc.nic.in ৰ পৰা ডাউনলোড কৰিব পাৰিব।

উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা, ২০১৮ৰ প্ৰাৰম্ভিক পৰীক্ষা যোৱা ২৪ নৱেম্বৰতো অনুষ্ঠিত হ’বলগীয়া আছিল যদিও নিৰ্বাচনৰ বাবে ৩০ ডিচেম্বৰলৈকে পিছুৱাই দিয়া হৈছিল।

পূৰ্বতে যিসকলে প্ৰৱেশ পত্ৰ ডাউনলোড কৰিছিল তেওঁলোকে পুনৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰাৰ প্ৰয়োজন নাই যদিও আয়োগৰ ৱেবছাইটত পুনৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰে।
{{bjhAbJRfbTy1zyy7Fafm}} 
প্ৰৱেশ পত্ৰত কোনোধৰণৰ বিসংগতি থাকিলে শীঘ্ৰেই আয়োগৰ কাৰ্যালয়ত যোগাযোগ কৰি শুদ্ধ কৰি ল’ব পাৰিব।

facebook twitter