Ambari adhar registration centre closed 

07:11 AM Oct 17, 2019 | G Plus News

১৭ অক্টোবৰ, গুৱাহাটী : সমগ্ৰ দেশৰ লগতে ৰাজ্যত আধাৰ কাৰ্ড কাৰ্যকৰীকৰণৰ কাম আৰম্ভ হৈছে। জনসাধাৰণৰ সুবিধাৰ্থে চৰকাৰে বেংকৰ লগতে চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত আধাৰ পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰিছে। কামৰূপ মহানগৰ জিলাত স্থাপন কৰা মুঠ ৪৪ টা আধাৰ পঞ্জীয়ন কেন্দ্ৰৰ অধিকাংশই বন্ধ হৈ আছে। 

মহানগৰৰ আমবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকয়লৰ কাৰ্যালয়ত থকা আধাৰ পঞ্জীয়ন কেন্দ্ৰটো দুৰ্গা পূজাৰ পৰা বন্ধ হৈ আছে। বালাজী কনষ্ট্ৰাকশ্যনৰ অধীনত থকা এই কেন্দ্ৰটোৰ মেচিনসমূহো আওপুৰণি বুলি অভিযোগ উত্থাপন হৈছে। 

আনহাতে আধাৰ কাৰ্ডৰ কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে মে’ মাহৰ পৰা নিয়মীয়াকৈ দৰমহা পোৱা নাই। ফলত কৰ্মচাৰীসকলে কেন্দ্ৰটোৰ কাম-কাজ বন্ধ ৰাখিছে। বিগত দিনত বহুতো লোকে আধাৰ পঞ্জীয়নৰ বাবে আহি ঘূৰি যাব লগা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে।