+

All India extends suspension of China flights

২১ ফেব্ৰুৱাৰী, গুৱাহাটী : ক্ৰমাৎ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা সংযোগ বিছিন্ন হৈছে চীনৰ। চীনলৈ উৰামাৰিবলগীয়া এয়াৰ ইণ্ডিয়াৰ সকলো বিমান ৩০ জুনলৈ বাতিল । চীনত সংহাৰী ৰূপ লোৱা কৰ’না ভাইৰাছৰ বাবে চীনলৈ যোৱা সকলো বিমান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে এয়াৰ ইণ্ডিয়াই। 

চীনৰ ছাংঘাই আৰু হংকং যোৱা বিমানসমূহো বাতিলে কৰে বিমান প্ৰতিষ্ঠানটোৱে। ইয়াৰ পূৰ্বতে মাৰ্চ মাহৰ ২৮ তাৰিখলৈ এয়াৰ ইণ্ডিয়াই বিমানসমূহ বাতিল কৰিছিল যদিও এতিয়া এই ম্যাদ বৃদ্ধি কৰে এয়াৰ ইণ্ডিয়াই।

শেহতীয়া তথ্যমতে চীনত প্ৰায় ৭৬ হাজাৰ লোক মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা ২,২৩৬ জনলৈ বৃদ্ধি পাইছে। 

facebook twitter