+

All Assam Temporary-billclerk-worker association stage protest demanding their regular job

৬ আগষ্ট, গুৱাহাটী : অসমৰ শক্তি খণ্ডৰ অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি সদৌ অসম বিলক্লাৰ্ক মিটাৰ ৰিডাৰ সন্থাৰ কৰ্মচাৰী সকলে ৰাজ্যজুৰি অসহযোগ আন্দোলন কাৰ্য্যসূচী ৰূপায়ন কৰে। ৰাজ্যৰ শক্তিখণ্ডৰ অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতো কৰ্মচাৰীসমূহৰ চাকৰি নিয়মীয়াকৰণ কৰা হোৱা নাই। 

চৰকাৰৰ এনে কাৰ্যই বিলক্লাৰ্ক মিটাৰ ৰিডাৰসকলৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশে ঠেলি দিছে বুলি কৰ্মচাৰীসকলে ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যৰ ১৫৮ টা বিদ্যুৎ উপ সংমণ্ডলত এই অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰা হয়।  

প্ৰতিবাদকাৰীসকলে অহা ৯ আগষ্টত গুৱাহাটীৰ বিজুলী ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে। এই কাৰ্যসূচীৰ পাছতো যদি  শক্তি মন্ত্ৰীয়ে কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে কৰ্মচাৰীসকলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত লোৱা হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে।

facebook twitter