Akhil Gogoi is ready to form a new political party against BJP 

05:44 AM Feb 27, 2020 | G Plus News

২৭ ফেব্ৰুৱাৰী, গুৱাহাটী : ৰাজ্যজুৰি নতুন ৰাজনৈতিক বিকল্পৰ বিতৰ্ক চলি থাকোঁতেই এতিয়া চৰ্চালৈ আহিছে ‘গণ মুক্তি সংগ্ৰাম সমিতি’। কাৰাগাৰৰ পৰাই নতুন আঞ্চলিক দলৰ কুচ-কাৱাজ আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাৰুদ্ধ নেতা অখিল গগৈয়ে। 

দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে  জোৰদাৰ আন্দোলন আৰম্ভ কৰিছিল কৃষক নেতা অখিল গগৈয়ে। তাৰ পাছতে নেতাগৰাকীক যোৰহাট আৰক্ষীয়ে আটক কৰি কাৰাগাৰত আৱদ্ধ কৰি ৰাখে। ইয়াৰ সমান্তৰালকে সদৌ অসম ছাত্ৰ সন্থাই নতুন ৰাজনৈতিক বিকল্পৰ কথা উল্লেখ কৰিছিল যদিও পিছত সেই সম্পৰ্কত কোনো স্থিতি প্ৰদান নকৰিলে সংগঠনটোৱে। 

শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সতীৰ্থ কমল কুমাৰ মেধিয়ে অখিল গগৈক কাৰাগাৰত সাক্ষাৎ কৰি নতুন আঞ্চলিক দলৰ কথা ঘোষণা কৰে। ইতিমধ্যেই এই আঞ্চলিক দলৰ সন্দৰ্ভত কংগ্ৰেছৰ মুখপাত্ৰ মেধিৰ  আলোচনাত মিলিত হৈছে গগৈয়ে। 

২০২১ চনৰ আগন্তুক নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ এই ৰাজনৈতিক দল গঠন কৰা হ’ব বুলি জানিবলৈ দিয়ে। এই নতুন দলৰ নাম “গণ মুক্তি সংগ্ৰাম’’ অথবা “আমাৰ ৰাইজৰ দল” বুলি মন্তব্য প্ৰকাশ কৰে। এতিয়া এই নতুন দলক লৈ গগৈৰ একালৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে মধ্যস্থতাকাৰী ৰূপে কাম কৰা পৰিলক্ষিত হৈছে। 

ইফালে অহা ১ মাৰ্চৰ পৰা ৰাজ্যত কা প্ৰতিবাদ পুনৰ জোৰদাৰ কৰাৰ বাবে কাৰাগাৰতে অনশন কাৰ্যসূচী আৰম্ভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছিল। ৰাজ্যত কা বিৰোধী আন্দোলন স্তিমিত হোৱা বুলিও আক্ষেপ কৰিছিল গগৈয়ে।