Air connection Guwahati Aizawl Mizoram started today by Go Air on Daily basis

05:38 AM Oct 15, 2019 | G Plus News

১৫ অক্টোবৰ, গুৱাহাটী : উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সেৱালৈ গ’ এয়াৰৰ নতুন সংযোজন। আজিৰ পৰা বৰঝাৰ বিমান বন্দৰৰ পৰা মিজোৰামৰ ৰাজধানী চহৰ আয়জললৈ গ’ এয়াৰৰ নতুন বিমান সেৱা আৰম্ভ  আৰম্ভ হ’ব। 

আজি বৰঝাৰ বিমান বন্দৰত কাৰ্যবাহী সঞ্চালক শ্ৰী সঞ্জীৱ জিংঘালে এই বিমান সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে। বিমানখনৰ প্ৰথম যাত্ৰী যাত্ৰী হিচাপে যাত্ৰা কৰে শ্ৰী ৰমেশ কুমাৰ, শ্ৰী সৰৱেশ তিৱাৰী আৰু শ্ৰী মাৰ্ক মেথিউৱে।

 

গুৱাহাটীৰ পৰা পুৱা ৬:৫০ বজাত  মিজোৰামৰ ৰাজধানী আয়জললৈ উৰা মাৰিব বিমানখন আৰু মিজোৰামৰ পৰা পুনৰ গুৱাহাটী বৰঝাৰ বিমান বন্দৰত উপস্থিত হব ৯:৫০ বজাত । এঘণ্টাৰ ভিতৰত মিজোৰামত অৱতৰণ কৰিব বিমানখনে। আজিৰ পৰা প্ৰতিদিনে বিমান যাত্রাৰ সুবিধা লাভ কৰিব বিমান যাত্রীসকলে। 


এই নতুন বিমানসেৱাক লৈ উখল মাখল হৈ পৰে বৰঝাৰ বিমান বন্দৰ।