6,028 cctv camera will installation in Guwahati

06:19 AM Sep 11, 2019 | G Plus News

১১ ছেপ্তেম্বৰ, গুৱাহাটী : মহানগৰীত দ্ৰুতগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। অপৰাধীক নজৰত ৰাখিবলৈ স্মাৰ্ট চিটিয়ে ৪৫০ কোটি টকীয়া অভিলাসী আঁচনি হাতত লৈছে। মহানগৰ আৰক্ষীয়ে অপৰাধজনিত কাৰ্যকলাপ ৰোধৰ বাবে নানান ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সফল হ’ব পৰা নাই। অপৰাধ ৰোধৰ বাবে মহানগৰৰ কেবাটাও স্থানত চিচি কেমেৰা স্থাপন কৰা হৈছিল। কিন্তু মহানগৰখনৰ ৯১ টা স্থানত স্থাপন কৰা ২৯০ টা চিচি কেমেৰাৰ অৰ্ধসংখ্যকেই বিকল হৈ পৰি আছে। ফলত বহু সময়ত অপৰাধীয়ে দুস্কাৰ্য সংঘটিত কৰি পলাই সাৰিবলৈ সক্ষম হৈছে। 

ক্ৰমবৰ্ধমান অপৰাধজনিত ঘটনা ৰোধৰ বাবে স্মাৰ্ট চিটিয়ে অসম আৰক্ষী আৰু পৰিবহন বিভাগৰ সহযোগত মহানগৰখন সম্পূৰ্ণৰূপে চিচি কেমেৰাৰ নিৰীক্ষণত ৰখাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।  স্মাৰ্ট চিটিৰ পৰিচালন সঞ্চালক মলয় বৰাই জনোৱা মতে শীঘ্ৰে মহানগৰৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা হ’ব ৬,০২৮ টা চিচি কেমেৰা। অত্যাধুনিক প্ৰযুক্তিসম্পন্ন এই চিচি কেমেৰাসমূহত মহানগৰৰ সকলো দৃশ্য আবদ্ধ হ’ব।

{{4CSF_UaoTFkjY5BY3FzZ}}

অপৰাধীয়ে যাতে দুস্কাৰ্য কৰি পলাই সাৰিব নোৱাৰে তাৰ বাবে মহানগৰীৰ ১,২০৯ টা স্থানত পোন প্ৰথমে ৪,৭২০ টা কেমেৰা স্থাপন কৰা হ’ব।লগতে যান-বাহন পৰিচালনাৰ বাবেও ১,৩০৮ টা কেমেৰা মহানগৰীৰ ৮৯ টা স্থানত সংস্থাপন কৰা হ’ব। এই কেমেৰাসমূহ পৰিচালনা আৰু নিৰীক্ষণৰ বাবে পাঞ্জাবাৰীত এই আচঁনিৰ অধীনত এটা বিশেষ কণ্ট্ৰ’ল কমাণ্ড চেণ্টাৰ গঢ়ি তোলাৰ কথাও উল্লেখ কৰে। 

উক্ত চিচি কেমেৰাৰ দৃশ্যসমূহ প্ৰায় ৫০ গৰাকীয়ে কৰ্মীয়ে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব। এই কেমেৰাসমূহত মুখমণ্ডল চিনাক্ত কৰিব পৰা অত্যাধুনিক প্ৰক্ৰিয়া আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সি  প্ৰযুক্তিও সংলগ্ন কৰা হ’ব। এই অভিলাসী আচঁনিৰ বাবে প্ৰায় ৪৫০ কোটি টকা ব্যয় কৰা হ’ব বুলি বিষয়াগৰাকীয়ে অৱগত কৰে। ২০২১ চনৰ পূৰ্বেই এই আচঁনি সম্পূৰ্ণ কৰা হ’ব বুলি মলয় বৰাই জানিবলৈ দিয়ে।