+

44 Assam police awarded in 69th Assam Police Day

১ অক্টোবৰ, গুৱাহাটী : ৰাজ্যজুৰি পালন কৰা হৈছে ৬৯তম অসম আৰক্ষী দিৱস। উক্ত আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি ৪৪ জন আৰক্ষী বিষয়ালৈ চলিত বৰ্ষৰ প্ৰশংসামূলক বঁটা আগবঢ়োৱা হৈছে।

কৰ্তব্যত প্ৰদৰ্শন কৰা দক্ষতাৰ ওপৰত ভিত্তি কৰি এই বঁটাসমূহ প্ৰদান কৰা হ’ব।ইয়াৰে পাচঁজনক ৰূপৰ পদক আৰু ৩৯ জন জনৰ সোণৰ পদকেৰে সন্মানিত কৰ হ’ব। 

সোণৰ পদকপ্ৰাপ্ত আৰক্ষী বিষয়াসকল ক্ৰমে  দিছপুৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাস, চৰাইখোলাৰ সপ্তম আৰক্ষী বেটেলিয়ানৰ পৰিদৰ্শক সুৰেশ নন্দ নাওটিয়েল, কাহিলীপাৰাস্থিত বিশেষ শাখাৰ সহকাৰী উপ-পৰিদৰ্শক শ্যাম চন্দ্ৰ মহন্ত, অভয়াপুৰীত থকা অষ্টম আৰক্ষী বেটেলিয়ানৰ সহকাৰী উপ-পৰিদৰ্শক প্ৰাকশ চন্দ্ৰ দাস আৰু তৃতীয় অসম আৰক্ষী বেটেলিয়ানৰ হাবিলদাৰ তীৰ্থ বড়ো। 

 ৰূপৰ পদক লাভ কৰা সকলৰ ভিতৰত অৰ্থনৈতিক অপৰাধ অনুসন্ধান ব্যুৰ’ৰ আৰক্ষী অধীক্ষক ৰাজবীৰৰ লগতে আন কে’বাজনো ভাৰতীয় আৰক্ষী সেৱাৰ উপৰি বিভাগটোৰ বিভিন্ন পদত কৰ্মৰত বিষয়া কৰ্মচাৰীও অন্তৰ্ভুক্ত হৈ আছে।   

{{uhEPCQjDXUc8dZVvJBuY}}

 

facebook twitter