40 Years Old Woman Murdered In Bihali

07:26 AM Aug 06, 2019 | G Plus News

৬ আগষ্ট, গুৱাহাটী : সোমবাৰে নিশা বিহালীৰ বিহমাৰীত দুৰ্বৃত্তই  নিজ গৃহৰ বাৰান্দাতে এগৰাকী ৪০ বছৰীয়া মহিলাক ঘপিয়াই হত্যা কৰে । হত্যা কৰা মহিলাগৰকীক সমাৰী ওৰাং বুলি চিনাক্ত কৰা হৈছে। 

জানিব পৰা মতে মহিলা গৰাকীয়ে নিজ জীয়ৰীৰ সৈতে শুই পুৱা থকা অৱস্থাতে দুবৃত্তই ঘপিয়াই হত্যা কৰে। জীয়ৰী ছিলন্টি ওৰাঙে মাতৃৰ মৃতদেহ বাৰান্দাত প্ৰত্যক্ষ কৰি ওচৰ চুবুৰীয়াক খবৰ দিয়ে। ততালিকে ওচৰ চুবুৰীয়াই বিহালী আৰক্ষীক খবৰ দিয়ে। 

বিহালী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ড’গ স্কোৱাদৰ সহযোগত হত্যাকাৰীৰ সন্ধান আৰম্ভ কৰিছে। এই ঘটনাই সমগ্ৰ বিহালী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।