+

21 places selected for selling firecrackers in Guwahati 

১৭ অক্টোবৰ, গুৱাহাটী : সমাগত দেৱালী। গুৱাহাটীত ফটকাৰ খুচুৰা বিক্ৰীৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২১ টা স্থান নিৰ্বাচন কৰিছে। যোৱা ১৫ অক্টোবৰত কামৰূপ মহানগৰ  জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু স্বাক্ষৰিত ডি ডি এম কে-কে-(এম) ৩৩/২০১৫/৫৮৪ নম্বৰৰ এখন পত্ৰ মহানগৰ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰে।

উক্ত পত্ৰখনত উল্লেখ কৰা স্থানকেইটা ক্ৰমে - গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত পুৰণি জে’ল চৌহদ ফাঁচী বজাৰ, পাণ্ডু কলেজ ফিল্ড, লাল গণেশ মন্দিৰ ফিল্ড, উলুবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, পশ্চিম বৰাগাওঁ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰ, পূব গুৱাহাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, কাছমাৰী ঘাট। তদুপৰি দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দিছপুৰ কলেজ ফিল্ড, গণেশগুৰিৰ উৰণীয়া সেতুৰ তল, ভঙাগড় উৰণীয়া সেতুৰ তল, ছয়মাইল উৰণীয়া সেতুৰ তল, গীতানগৰ ফিল্ড, বেলতলা বজাৰ বিহুতলী, বৰবাৰী এম ই স্কুল খেলপথাৰ, উদয়ন কৃষ্টি সংঘৰ খেলপথাৰ। 

লগতে আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিকবিদ্যালয়ৰ খেলপথাৰ,চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ বোন্দা বিহুতলী, চন্দ্ৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাপুৰ মিনি ষ্টেডিয়াম, ক্ষেত্ৰী গাওঁ পঞ্চায়ত ফিল্ড।    

facebook twitter