+

1,63,548,87 hector agriculture land affected in Assam Flood

১ আগষ্ট, গুৱাহাটী : সংহাৰী ৰূপ ধাৰণ কৰা এইবাৰৰ বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে ৰাজ্যৰ কৃষিখণ্ডৰ। বিধানসভাত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সদৰী কৰে যে ’শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত হৈছে ১, ৬৩,৫৪৮,৮৭ হেক্টৰ ৰাজ্যৰ কৃষিভূমি। খেতিপথাৰত বিনষ্ট হৈছে ২০,২২৫.৪১ হেক্টৰ শালিধানৰ কঠীয়া। 

ৰাজ্যখনৰ  ৫,৯৪,১০৭ টা কৃষকৰ পৰিয়ালে হাহাকাৰ কৰিবলগীয়া হৈছে জীৱন নিৰ্বাহৰ কাৰণে। ৫,২৭৩ খন গাওঁ প্লাবিত হৈছে শেহতীয়া বানপানীত।’

অগপ ৰ বিধায়ক পবীন্দ্ৰ ডেকাৰ মৌখিক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে বানপানীত ক্ষতিগ্ৰস্ত হৈছে ১,৬৪৭ হেক্টৰ ‘ছামাৰ পেডি’ৰ কৃষিভূমি, ৫,৪১৪১ হেক্টৰ বাওধান, ৫ হেক্টৰ আগতীয়া আহুধান, ৭০১.৯ হেক্টৰ আহুধান, ১৫,৮৫৫.৮ হেক্টৰ শাক-পাচলি, ১৯,৬০৮.৩৪ হেক্টৰ মৰাপাট, ৫৭,০৪৫.৩৪ হেক্টৰ শালিধান, ৫০১.৫ হেক্টৰ বুট, ২১৮.৫ হেক্টৰ মগু মাহ, ৫,৯২৬.৫ হেক্টৰ মাকৈ, ৩০০.৫ হেক্টৰ কুঁহিয়াৰ, ৫০৫.৮ হেক্টৰ উদ্যান শস্য আৰু ৭,৮০৫.৩৬ হেক্টৰ অন্যান্য কৃষিভূমি। 

আনহাতে শেহতীয়া বানপানীত ৰাজ্যখনৰ ৫৪ টা স্থানত মথাউৰি ভাগিছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে অতি শীঘ্ৰেই ড্ৰেজাৰ ক্ৰয় কৰিব বুলি তেওঁ  সদনত ঘোষণা কৰে।

ইতিমধ্যে বিত্তীয় বিভাগে ড্ৰেজাৰ ক্ৰয়ৰ বাবে অনুমোদন জনাইছে। এই ড্ৰেজাৰ সমূহৰ সহায়ত গৰাখহনীয়া সমস্যা সৃষ্টি কৰা অঞ্চলসমূহত নদী খন্দাৰ ব্যৱস্থা কৰা হ’ব।

facebook twitter