+

1,397 CCTV camera will install in Guwahati 

২৪ ফেব্ৰুৱাৰী, গুৱাহাটী :মহানগৰীত ক্ৰমাৎ বৃদ্ধি হোৱা অপৰাধজনিত ঘটনাসমূহক লৈ সৰৱ হৈছে মহানগৰ প্ৰশাসন। অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ ২০২১ চনৰ ভিতৰত মহানগৰীৰ সকলো এলেকাত  মুঠ ১,৩৯৭ টা চিচিটিভি কেমেৰা স্থাপন কৰাৰ কথা ঘোষণা কৰে। 

উল্লেখ্যে যে মহানগৰীৰ প্ৰায়বোৰ স্থানত থকা চিচটিভি কেমেৰাৰ অধিকাংশই বিকল হৈ পৰি থকাৰ ফলত সুবিধা লৈছে একাংশ দুষ্ট চক্ৰই। ফলত মহানগৰীত অপৰাধীৰ অবাধ বিচৰণ চলিছে। 

আনহাতে যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা পৰিবহন বিভাগে। বিগত কিছু দিনৰ পৰা মহানগৰীৰ চিটি বাছসমূহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে পৰিবহন বিভাগে। নিয়ম উলংঘা কৰা চিটি বাছসমূহৰ বিৰুদ্ধে জৰিমনাও লাগু কৰিছে। ইয়াৰ সমান্তৰালকে যান-বাহন নিয়ন্ত্ৰণৰ বাবে মহানগৰীত মুঠ ১,৩০৮ টা চিচিটিভি কেমেৰা স্থাপন কৰাৰ কথাও ঘোষণা  কৰে। 

facebook twitter