Zubeen Garg is well now

08:51 AM Mar 03, 2020 | G Plus News

৩ মাৰ্চ, গুৱাহাটী : পূৰ্বতকৈ ক্ৰমাৎ সুস্থ হৈ উঠিছে ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। আজি বিয়লিত ICUৰ পৰা কেবিনলৈ নিয়া হ’ব জুবিন গাৰ্গক। 

যোৱা শুক্ৰবাৰে মঞ্চত ভাষণ দি থাকোঁতেই ঢলি পৰিছিল শিল্পীগৰাকী। ইয়াৰ পাছতে শিল্পীগৰাকীৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ উঠিছে ৰাজ্যবাসী।

শাৰীৰিক তথা মানসিক জিৰণিৰ বাবে আইচিইউত ৰখা হৈছিল কণ্ঠশিল্পীগৰাকীক। আজি তেওঁক কেবিনলৈ স্থানান্তৰ কৰিব যদিও কোনো অনুৰগীয়ে সাক্ষাৎ কৰিব পাৰিব নে নোৱাৰিব জনোৱা নাই হাস্পতাল কৰ্তৃপক্ষই।