+

Two girls recovered from Human trafficking

১৯ ফেব্ৰুৱাৰী, গুৱাহাটী : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ। নাৰীৰ হাততো সুৰক্ষিত নহয় নাৰী। জাগীৰোডৰ কাঁহিকুছিত নাৰী সৰবাৰহকাৰী চক্ৰৰ পৰা কথমপি ৰক্ষা দুই নাবালিকা যুৱতী। 

প্ৰাপ্ত তথ্যমতে বিউটি পাৰ্লাৰত কাম দিয়াৰ প্ৰলোভনেৰে এগৰাকী স্থানীয় মহিলাই নৱম শ্ৰেণীত অধ্যয়নৰত দুই যুৱতীক গুৱাহাটীলৈ লৈ আহে। মহানগৰীত এক ফ্লেটত সংগোপনে ৰাখি যুৱতী দুগৰাকীক অসৎ কাৰ্যত লিপ্ত কৰাবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী যুৱতীয়ে। 

ইয়াৰ পাছতে দুই যুৱতীয়ে গুৱাহাটীৰ পৰা পলায়ন কৰি জাগীৰোড আৰক্ষীৰ কাষ চাপে। যুৱতী দুগৰাকীৰ মন্তব্যৰ ভিত্তিত জাগীৰোড আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। 

যুৱতী দুগৰাকীৰ পৰিয়ালে ইতিমধ্যে যুৱতী দুগৰাকী নিৰুদ্দিষ্ট হোৱাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল। আৰক্ষীয়ে অভিযুক্ত গৰাকীৰ জেৰা অব্যাহত ৰাখিছে।

facebook twitter