Two Bangladeshi arrested in Nogaon

10:13 AM Sep 30, 2019 | G Plus News

৩০ ছেপ্তেম্বৰ, গুৱাহাটী : সীমান্তৰ কাঁটা তাঁৰ পাৰ হৈ  দুৰ্গা পূজা চাবলৈ আহিছে বাংলাদেশৰ আলহী। হোজাইত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুজন বাংলাদেশীয়ে স্বীকাৰ কৰে এই কথা। 

প্ৰাপ্ত খবৰ মতে যোৱা বৃহস্পতিবাৰে নিশা বাংলোদেশৰ বাংলাদেশৰ চিলেট জিলাৰ পৰা পূজা চাবলৈ আহিছিল মহম্মদ গিয়াছউদ্দিন আৰু কামাল আহমেদ নামৰ ব্যক্তি দুজন। নগাঁৱৰ ইটাচালিৰ আৰক্ষীয়ে নিয়মীয়া টহলৰ সময়ত  এই লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই বাংলাদেশী নাগৰিক দুজনৰ কোনো পাছপৰ্ট’ নাছিল।

ধৃত লোকদুজনে আৰক্ষীৰ জেৰাত প্ৰকাশ কৰে - “দুৰ্গা পূজাৰ আগমুহুৰ্তত সীমান্তত বি এছ এফৰ জোৱানে কমকৈ টহল দিয়াৰ সুযোগ গ্ৰহণ কৰি আন বহু লোকৰ সৈতে অসমলৈ প্ৰৱেশ কৰে। ভাৰত- বাংলা সীমান্তত থকা বাংলাদেশৰ ইণ্ডিয়ান বস্তি নামৰ গাওঁখনত অতি সহজতে ভাৰতীয় টকা উপলব্ধ হয়।"অৱশ্যে এই স্বীকাৰোক্তিক সহজভাৱে লোৱা নাই আৰক্ষীয়ে। 

{{uhEPCQjDXUc8dZVvJBuY}}