+

Tragis firing incident in Dibrugarh 

১৯ অক্টোবৰ, গুৱাহাটী : ডিব্ৰুগড় কদমনিত ভয়ংকৰ অগ্নিকাণ্ড। শুকুৰবাৰে নিশা সংঘটিত হোৱা এই ভয়ানক অগ্নিকাণ্ডত ঘৰত শুই থকা অৱস্থাত একেটা পৰিয়ালৰ দুই শিশুসহ ৫ গৰাকী লোক অগ্নিদগ্ধ হৈ নিহত হয়। 

প্ৰাপ্ত তথ্য মতে নিশা প্ৰায় ডেৰ বজাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় পৰিয়ালটোৰ। একেটা পৰিয়ালৰ মাতৃ মায়া দেৱী, পুত্ৰ বিশাল সোণাৰ, দুই নাতি শিবু সোণাৰ, শংকু সোণাৰ আৰু  ঘৰৰ কাম কৰা ল’ৰা নুনু নামৰ লোকজনৰ  মৃত্যু হয় বুলি জানিব পৰা গৈছে। 

উক্ত পৰিয়ালটোৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে  নিহত পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্যৰো ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

facebook twitter