+

Tobacco, pan masala, gutka will ban in Guwahati

১৮ নৱেম্বৰ, গুৱাহাটী : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো নিষিদ্ধ কৰা হৈছে গুটখা-পাণ মছলা জাতীয় সামগ্ৰী। যোৱা ১৭ নৱেম্বৰ, দেওবাৰে গুৱাহাটী পাণ দোকান সন্থাই মহানগৰীৰ পাণ দোকানসমূহত গুটখাজাতীয় সামগ্ৰী বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

নগতে বৃহত্তৰ পাণ- দোকানী সন্থাই এক জাননীযোগে কয় যে অসমত অসমত গুটখা নিষিদ্ধ কৰাৰ আইন বলৱৎ কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক। এই গুটখা, পাণ-মছলাসমূহে উঠি অহা যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। লগতে ভৱিষ্যতে চৰকাৰে গুটখা, পাণ-মছলাজাতীয় সামগ্ৰী বন্ধ কৰাতো সন্থাটোৱে সহায় কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। 
 
শেহতীয়াকৈ কাজিৰঙাৰ কহঁৰা অঞ্চলত  বোকাখাত মহকুমা প্ৰশাসনে পাণ দোকান সমূহত গুটখা- পাণ মছলাজাতীয় সামগ্ৰী বিক্ৰী বন্ধ কৰাৰ লগতে  গুটখা, পান মছলা, চুপাৰীৰ লগতে ধঁপাতজাতীয় সামগ্ৰী খোৱাত নিষেধাজ্ঞা আৰোপ কৰে। 

facebook twitter