+

The Assam Cabinet led by CM Sonowal undertakes major decisions today

১২ফেব্ৰুৱাৰী, গুৱাহাটী : আজি জনতা ভৱনত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। 

ক) ৰাজ্য চৰকাৰৰ সমাজ কল্যান বিভাগত ঠিকা ভিত্তিত কাম কৰি থকা  ৬২৩ গৰাকী ছুপাৰভাইজাৰ আৰু ১২ গৰাকী পৰিসংখ্যা সহায়কক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নিয়মীয়া পে স্কেলকে ধৰি অন্যান্য চৰকাৰী সা- সুবিধা প্ৰদানৰ সিদ্ধান্ত।

খ) চাহ জনগোষ্ঠাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰণ ছাত্ৰ-ছাত্ৰীসকললৈ ১০ হাজাৰ টকাকৈ চাইমন সিং হ’ৰো বিশেষ এককালীন জলপানি প্ৰদানৰ সিদ্ধান্ত। 

গ)শ্বহীদ দয়াল দাস পণিকা স্ব-নিয়োজন আঁচনিৰ অধীনত চাহ জনগোষ্ঠীৰ ১৫ হাজাৰ যুৱক-যুৱতীলৈ ব্যৱসায় বামিজ্যা কৰাৰ বাবে ২৫ হাজাৰ টকাকৈ এককালীন অনুদান প্ৰদানৰ সিদ্ধান্ত।

ঘ) অসম চাহ নিগম পৰিসীমিত (এটিচিএল)ৰ চাহ বাগিছাৰ যি সকল শ্ৰমিকৰ কেঁচা আৱাস গৃহ আছে সেই সমূহ ১.৩০ লাখ টকা ব্যয়েৰে পকীকৰণ কৰাৰ সিদ্ধান্ত। পৰৱৰ্তী পৰ্যায়ত অন্যান্য চাহ বাগিছাৰ যি সকল শ্ৰমিকৰ কেঁচা ঘৰ আছে সেই সমূহ পকীকৰণৰ ব্যৱস্থা লোৱা হ’ব।

ঙ) ভূমি নীতি -২০১৯, ৰ অধীনত কৃষি কাৰ্যৰ বাবে ভূমি আৱণ্টনৰ পৰিসৰ ৩ বিঘাৰ পৰা ৭ বিঘালৈ বৃদ্ধি।

চ) প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰমীন)ৰ অধীনত গৃহ লাভ কৰা গৃহৰ গৰাকীলৈ সৌৰশক্তিৰ সা-সজুঁলিৰ ক্ৰয়ৰ বাবদ ২০ হাজাৰ টকাকৈ প্ৰদানৰ সিদ্ধান্ত।

facebook twitter