+

Sontok Book Sellers is selected for national film festival

৩ মাৰ্চ, গুৱাহাটী : দেশে বিদেশে গ্ৰন্থৰ সুৱাস বিলাই ফুৰা এজন ব্যক্তি। সুদীৰ্ঘ ৩২ বছৰ ভ্ৰাম্য পুথিভঁৰাল কঢ়িয়াই পঢুৱৈ সমাজৰ উপকাৰ সাধিছে শশী মোহন সন্তোক নামৰ ব্যক্তিগৰাকীয়ে। কান্ধত এটা মোনাত, কিতাপৰ  টোপোলা, ভৰিত হাৱাই চেন্দেল পৰিধান কৰি তেখেতে দেশে বিদেশেত ভ্ৰমি ফুৰে। 
 
শশী মোহন সন্তোকৰ পৰা কলিকতা, উত্তৰ প্ৰদেশ, মণিপুৰ ,ত্ৰিপুৰাৰ বহু গৱেষণাৰত ছাত্ৰ ছাত্ৰী কিতাপ ক্ৰয় কৰে।ইতিমধ্যে তেখেতে ৭খন পুথি ৰচনা কৰিছে।

তেখেতৰ ভাষাত ক'বলৈ হ'লে -মই কিতাপ যোগান ধৰি বহুতকে ডক্টৰেট কৰিলো। শশী মোহন সন্তোকৰ ঘৰ গোৱালপাৰাৰ ৰংচাইত।

এই ব্যক্তিজনৰ জীৱনক আলম লৈ বিশিষ্ট লেখিকা টুনা গৌতমে ‘সন্তোক বুক ছেলাৰ্ছ’ শীৰ্ষক এখন তথ্য চিত্ৰ নিৰ্মাণ কৰিছে। পূৰ্বাণী গোস্বামীৰ প্ৰযোজনাত  ১৫ মিনিট ৪১ছেকেণ্ডৰ এই তথ্যচিত্ৰখন জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ'ব লগা ৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে।

 

facebook twitter