+

Silghat Jute Mill started operation again

কলিয়াবৰ, ৯ মে’ - কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কল ৪২ দিনৰ লকডাউনৰ অন্তত ৬ মে’ পৰা চলাবলৈ আৰম্ভ কৰিছে উৎপাদন সম্পর্কীয় কাম-কাজ৷ প্রধানমন্ত্রীয়ে আহবান জনোৱা জনতা সান্ধ্য আইনৰ পাছৰ পৰাই বন্ধ কৰি দিয়া হৈছিল এই ৰাজহুৱা খণ্ডৰ অসমৰ একমাত্র লাভজনক উদ্যোগটো৷

ইতিমধ্যে অর্থনৈতিকভাৱে দুর্বল হৈ থকা কলটোলৈ দীঘলীয়া লকডাউনৰ ফলত পুনৰ এক দুযোর্গ নামি আহিছিল যদিও উদ্যোগটো জীয়াই ৰখাৰ স্বার্থত কলটোত কর্মৰত প্রতিজন শ্রমিক-কর্মচাৰী তথা বিষয়াই ৪২ দিনৰ বেতন নোলোৱাৰ সিদ্ধান্ত গ্রহণ কৰাৰ কথা আজি সংবাদ মাধ্যমৰ আগত সদৰী কৰে কল কর্তৃপক্ষ আৰু কর্মী পৰিষদে৷
{{z2ybx51CLw9jgyRH6Sjc}}

ইফালে লকডাউনৰ শিথিলতাৰ পাছত আজিৰ পৰা চলাবলৈ আৰম্ভ কৰা কলটোৰ শ্রমিকসকলৰ মনলৈ ঘূৰি আহিছে নতুন উদ্যম আৰু নতুন আশা৷ ইয়াৰ পূর্বে অসম চুক্তিৰ আধাৰত পুনৰ মুকলি হোৱা মৰাপাট কলটো সুদীর্ঘ বছৰৰ মূৰত এইবাৰহে লকডাউনৰ বাবে দীর্ঘ সময় বন্ধ হৈ থকাত কলটোৰ লগত জড়িত সহস্রাধিক শ্রমিক-কর্মচাৰীৰ জীৱনলৈ নামি আহিছিল গভীৰ সংকট৷ (দৈনিক জনমভূমিৰ সৌজন্যত)

facebook twitter