Sharjeel Imam present in court 

12:54 PM Feb 28, 2020 | G Plus News

২৮ ফেব্ৰুৱাৰী, গুৱাহাটী : আজি পুনৰ কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ছাৰ্জিল ইমাম। চাৰি দিনৰ অসম আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱাত কটকটীয়া নিৰাপত্তা মাজেৰে শুক্ৰবাৰে পুনৰ হাজিৰ কৰোৱা ছাৰ্জিলক।

উল্লেখ যে ভাৰতৰ পৰা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰা হুংকাৰ প্ৰদান কৰাত দেশদ্ৰোহী অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে ছার্জিল। 

দিল্লী শ্বাহীনবাগৰ কা'ৰ বিৰোধী আন্দোলনত ছার্জিলে এই দেশদ্ৰোহী মন্তব্য কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।তাৰ পিছতে অসম চৰকাৰে নিজা ববীয়াকৈ গোচৰ ৰুজু কৰি যোৱা ২০ফেব্ৰুৱাৰীত ছাৰ্জিলক অসমলৈ আনে।

প্ৰথম চাৰি দিনৰ বাবে আদালতে আৰক্ষী জিম্মাত দিছিল যদিও পিছত পুনৰ অসম আৰক্ষীয়ে সোধ পোছৰ বিচৰাত চাৰিদিনৰ বাবে ম্যাদ বৃদ্ধি কৰিছিল।