+

Sanskrit toll and Madrasas will be close on 15 August

১২ মাৰ্চ, গুৱাহাটী : ৰাজ্যৰ ধৰ্মীয় শিক্ষানুষ্ঠানসমূহক লৈ গুৰুত্বপূৰ্ণ মন্তব্য বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শেহতীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ চৰকাৰী সংস্কৃত টোল আৰু হাইমাদ্ৰাছাসমূহ বন্ধ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছিল মন্ত্ৰীগৰাকীয়ে। চৰকাৰী পইচাৰে ধৰ্মীয় শিক্ষা দিয়া নহ’ব বুলি মন্তব্য প্ৰকাশ কৰিছিল মন্ত্ৰী শৰ্মাই। 

ইয়াৰ পাছতে এই সিদ্ধান্তৰ বিপক্ষে জাঙুৰ খাই উঠিছিল ৰাজ্যৰ সচেতন মহলৰ একাংশ লোক। আজি এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে বিধান সভাত পুনৰ মন্তব্য প্ৰকাশ কৰি কয় - “চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ অহা ১৫ আগষ্টৰ ভিতৰত বন্ধ কৰা হ’ব। চৰকাৰী টকাৰে ধৰ্মীয় শিক্ষা নহয়। ভাষাৰ নামত ধৰ্মীয় গ্ৰন্থ শিকোৱা নহ’ব। আনহাতে যিসকলক ধৰ্মীয় গ্ৰন্থ পঢ়োৱাবলৈ নিযুক্তি দিয়া হৈছিল সেই শিক্ষকসমূহে ঘৰত বহিয়েই দৰমহা লাভ কৰিব। 
আমি শিক্ষাটোহে বন্ধ কৰিম বুলি কৈছো, ভাষা বন্ধ কৰিম বুলি কোৱা নাই।”

উল্লেখ্য যে সংস্কৃত টোলসমূহ তথা মাদ্ৰাছাসমূহ উচ্চ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰ কৰা হ’ব বুলি ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে। 

facebook twitter