+

Road accident in Mirza

১৯ অক্টোবৰ, গুৱাহাটী : দক্ষিণ কামৰূপৰ মিৰ্জাৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ।মিৰ্জাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা  AS-01-LC-5244 নম্বৰৰ তীব্র বেগী বালি ভৰ্তি ট্ৰাক খনে অৱস্থাত বিপৰীত দিশৰ পৰা গৈ থকা WB-61-A-6066 নম্বৰৰ তীব্ৰ বেগী মালবাহী ট্ৰাক খনৰ লগত মুখামুখি সংঘৰ্ষ হয় । 

এই দুৰ্ঘটনাত থিতাতে ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক আহত হয় । আহতলোকজনক অতি সংকত জনক অৱস্থাত নিশাই গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ প্ৰেৰণ কৰে । 

মৃত লোক কেইজনৰ ৩ জন বালি কঢ়িওৱা ট্ৰাকৰ আৰু ১ জন মালবাহী ট্ৰাকৰ বুলি জানিব পৰা গৈছে।  আনহাতে আহতজন মালবাহী ট্ৰাকৰ লোক আছিল বুলি জানিব পৰা গৈছে। 

নিশা ঘটনাৰ পাছতে  ঘটনাস্থলীত পলাশবাৰীৰ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰে। দুৰ্ঘটনাত পতিত হোৱা দুয়োখন গাড়ী উদ্ধাৰ কৰি পলাশবাৰী থানা লৈ আহে।

facebook twitter