RBI Governor announces extension of loan moratorium by 3 more months to August 31

09:01 AM May 22, 2020 | G Plus News

২২ মে’, নতুন দিল্লী - আজি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে এক সংবাদমেল সম্বোধন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ক’ভিড-১৯ মহামাৰীৰ বাবে সমগ্ৰ দেশতে পৰা অৰ্থনৈতিক চাঁপ লঘু কৰিবৰ বাবে কিছু দিশ ঘোষণা কৰে গৱৰ্ণৰ দাসে।

উল্লেখ্য যে মহামাৰীৰ সময়ত গৱৰ্ণৰগৰাকীয়ে সম্বোধন কৰা এইখন হৈছে তৃতীয়খন সংবাদমেল। ইয়াৰ পূৰ্বে ২৭ মাৰ্চ আৰু ১৭ এপ্ৰিলতো দুখন সংবাদমেল সম্বোধন কৰিছিল। আজি সম্বোধন কৰা সংবাদমেলত ৰিজাৰ্ভ বেংকে ৰেপো ৰেট ৪.৪ শতাংশৰ পৰা ৪ শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ইফালে ৰিভাৰ্ছ ৰেপো ৰেট ৩.৭৫ শতাংশৰ পৰা ৩.৩৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। 

{{z2ybx51CLw9jgyRH6Sjc}}

দাসে কয়, লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখি আৰু লগতে ক’ভিড-১৯ ৰ পৰিস্থিতি ক্ৰমাৎ ব্যাপক হৈ গৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি এই ম’ৰেট’ৰিয়াম সুবিধা আৰু ৩ মাহলৈ বৃদ্ধি কৰা হৈছে।  সেই অনুসৰি ১ জুনৰ পৰা ৩১ আগষ্টলৈ বৃদ্ধি কৰা হৈছে এই সময়সীমা।

উল্লেখ্য যে ৰিজাৰ্ভ বেংকে ৰপ্তানি ক্ৰেডিটৰ সময়সীমাও ১ বছৰৰ পৰা ১৫ মাহলৈ বৃদ্ধি কৰাৰ সিদ্দান্ত গ্ৰহণ কৰিছে। এক্সিম বেংকলৈও ১৫০০০ কোটি টকাৰ ঋণ সীমা বৃদ্ধি কৰিব ৰিজাৰ্ভ বেংকে।