+

Rajiv Gandhi remembered on his 75th birth anniversary

২০ আগষ্ট, গুৱাহাটী : আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্ম জয়ন্তী।  মঙলবাৰে পুৱাই প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে সমাধিস্থলত  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, কংগ্ৰেছৰ কাৰ্যকৰী অধ্যক্ষ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আদি নেতাসকলৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকীও নেতা  উপস্থিত হয়।

 ৰাহুল গান্ধীয়ে টুইটাৰযোগে পিতৃ ৰাজীৱ গান্ধীৰ স্মৰণত পষ্ট কৰে - ‘আজি এজন দেশভক্ত আৰু দূৰদৰ্শী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্ম জয়ন্তী। তেখেতৰ দূৰদৰ্শী নীতিয়ে ভাৰতখনক নতুনকৈ নিৰ্মাণ কৰাত সহায় কৰিছে। তেওঁ মোক খুউব মৰম কৰিছিল। তেখেতে মোক শিকাইছিল কাকো ঘৃণা নকৰিবলৈ, সকলোকে মৰম কৰিবলৈ, ক্ষমা কৰিবলৈ।’ 

{{P2rLAnPZgiHw4EizVBmE}}

ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত ১৯৮৪ চনত ৰাজীৱ গান্ধীয়ে দেশৰ সকলোতকৈ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। প্ৰয়াত গান্ধীক ২১ দশকৰ ভাৰত নিৰ্মাতা বুলিও জনা যায়।  

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটাৰযোগে ৰাজীৱ গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেঁও পষ্ট কৰে  যে -‘আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তীৰ উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।’  

facebook twitter