+

Rajib Gandhi Orang National Park renamed as Orang Tiger Reserve Forest

গুৱাহাটী - অৱশেষত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম আঁতৰিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা। এতিয়াৰে পৰা ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱৰ্তে ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল নামেৰে জনা যাব ৰাষ্ট্ৰীয় উদ্যানখন। উল্লেখ্য যে  ৰাজ্য়ৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কালি ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ নৱনিৰ্মিত তোৰণখন উদ্বোধন কৰে।

বিভিন্ন সময়ত বিভিন্ন পক্ষৰ পৰা অসন্তুষ্টি প্ৰকাশ পাই অহাৰ পিছত কাৰ্যতঃ ৰাষ্ট্ৰীয় উদ্যানখনৰ তোৰণৰ পৰা আঁতৰিল ৰাজীৱ গান্ধীৰ নাম। কালি আনুষ্ঠানিক তোৰণ মুকলি অনুষ্ঠানত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে মুখ্য বন সংৰক্ষক প্ৰধান শশীকান্ত শ্ৰীবাস্তৱ, মুখ্য বন সংৰক্ষক (বন্য প্ৰাণী) প্ৰধান দেৱ প্ৰকাশ বাংৱাল, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনকে ধৰি অন্যান্য ভালেমান বনবিষয়া উপস্থিত থাকে।

ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ তোৰণ মুকলি কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীসকলক প্ৰদান কৰাৰ দৰে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ ৰাজ্যৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যান তথা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীসকলকো প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে। তেওঁ লগতে জনায় যে চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ চাকৰি নিয়মীয়া কৰাৰ বাবে ব্যৱস্থাপনা গ্ৰহণ কৰিছে।

উল্লেখ্য যে ১৯৯৯ চনতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা হোৱা এই উদ্যানখন ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে জনা গৈছিল, তদুপৰি, ৰাজ্যখনৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনক ২০১৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্যাঘ্ৰ বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।

facebook twitter