+

Raha Toll gate reopen from 1 March 

২৮ ফেব্ৰুৱাৰী, গুৱাহাটী : অহা ১ মাৰ্চত মুকলি কৰা হ’ব ৰহাৰ টোলগেট।  ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণে এক ৰাজহুৱা জাননী জাৰি এই কথা ঘোষণা কৰে। 

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটতো মুকলি কৰিবলৈ নগাওঁ জিলা প্ৰশাসনেও তীব্ৰ তৎপৰতা আৰম্ভ কৰিছে। আনহাতে টোল গেটে মাচুল সংগ্ৰহৰ ফলক ধাৰ্য কৰি দিছে। সৰ্বনিম্ন লঘু ব্যক্তিগত বাহনৰ বাবে দিব লাগিব ৯৫ টকা। লঘু ব্যৱসায়িক বাহনৰ বাবে দিব লাগিব ১৫০ টকা, প্ৰতিখন বাছ আৰু ট্ৰাকে ভৰিব লাগিব ৩১৫ টকাকৈ, বৃহৎ আকাৰৰ বাহনৰ বাবে ৩৪০ৰ পৰা ৬০০ টকালৈকে মাচুল ধাৰ্য কৰা হৈছে।

টোল সংগ্ৰহৰ দায়িত্ব কাইনেটিক নামৰ অসমৰ এটা কোম্পানীক অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে । ২০১৫ চনৰ ১৬ এপ্ৰিলত প্ৰথমবাৰৰ বাবে ৰহাৰ টোলগেটতো মুকলি কৰা হৈছিল  যদিও বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদত প্ৰশাসনে টোলগেট বন্ধ কৰিবলৈ বাধ্য হৈছিল। 

এইবাৰ চৰকাৰে তৃতীয়বাৰলৈ টোলগেট মুকলি কৰিবলৈ যো জা চলোৱাত ক্ষুব্ধ হৈ যোৱা ২২ফেব্ৰুৱাৰীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত যুৱ ছাত্ৰ পৰিষদে টোলগেটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু কেইবাটাও দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ দিয়াৰ লগতে চৰকাৰ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পৰিষদৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ দাবী কৰিছিল । কিন্তু ইয়াৰ কোনো আলোচনা নোহোৱাকৈয়ে চৰকাৰে ১মাৰ্চৰ পৰা মুকলি কৰাৰ কথা ঘোষণা কৰে।  

facebook twitter