Parineeti Chopra is back with badminton

11:56 AM Nov 28, 2019 | G Plus News

২৮ নৱেম্বৰ, গুৱাহাটী : শচীন তেণ্ডুলকাৰ, মিলখা সিং, মহেন্দ্ৰ সিং ধোনী আদি জনপ্ৰিয় ক্ৰীড়াবিদৰ জীৱনভিত্তিক ছবিয়ে ইতিমধ্যেই বলীউদত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে। এইবাৰ ভাৰতীয় বেডমিণ্টন ইতিহাসৰে অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ছাইনা নেহৱালৰ জীৱনভিত্তিক ছবি নিৰ্মাণ হ’ব বলীউদত। হাতত ৰেকেট লৈ ছাইনাৰ নামভুমিকাত অৱতীৰ্ণ হ’ব বলীউডৰ মোহময়ী অভিনেত্ৰী পৰিনীতি ছোপ্ৰা। 

আমোল গুপ্তাৰ পৰিচালনা, ভুষণ কুমাৰ আৰু কৃষ্ণ কুমাৰৰ প্ৰযোজনাৰে ছাইনা নেহৱালৰ জীৱনভিত্তিক ‘চাউনা’ শীৰ্ষক ছবিখনত  খেলুৱৈগৰাকীৰ চৰিত্ৰত অভিনয় কৰিব পৰিনীতিয়ে। এতিয়া বোলছবিখনৰ বাবে দেহে কেহে খাতিছে অভিনেত্ৰী গৰাকীয়ে।