Onion prices rise in Guwahati

01:09 PM Sep 21, 2019 | G Plus News

২১ ছেপ্তেম্বৰ, গুৱাহাটী : মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে  পিয়াঁজৰ মূল্য। বিগত এমাহত মহানগৰীৰ বিভিন্ন বজাৰত ৫০ ৰ পৰা ৭০ শতাংশলৈ পিয়াঁজৰ মূল্য বৃদ্ধি পাইছে। প্ৰাপ্ত খবৰ মতে পূৰ্বে ১ কিল’গ্ৰাম পিয়াজৰ দাম ৩৫ টকাৰ পৰা বৰ্তমান মূল্য ৫০ টকাৰ পৰা ৫৫ টকালৈ বৃদ্ধি হৈছে।

{{uhEPCQjDXUc8dZVvJBuY}}


মহানগৰীৰ ফাঁচী বজাৰ, কাছাৰীঘাট, উজানবজাৰ, বেলতলা , ছয় মাইলকে ধৰি বিভিন্ন বজাৰসমূহত পিয়াঁজৰ দাম বৃদ্ধি হৈছে। শেহতীয়াভাৱে বৰষুণৰ বাবে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত পিয়াঁজৰ খেতি ক্ষতিগ্ৰস্ত হৈছে।  ইয়াৰ ফলত ক্ৰমশ কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, কেৰালা,তামিলনাডুকে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত পিয়াঁজৰ ষ্টক সীমিত হৈ পৰিছে।

সামগ্ৰিকভাৱে গোটেই দেশতে পিয়াঁজৰ নাটনিয়ে দেখা দিয়াৰ বাবে পাইকাৰী বজাৰসমূহত পিয়াঁজৰ মূল্য ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।