+

New premises of Wisdom Public School opens at Mirza

গুৱাহাটী - গুৱাহাটীৰ দাঁতিকাষৰীয়া মিৰ্জাত আৰম্ভ হ'ল এখন নতুন বিদ্যালয়ৰ। মঙলবাৰে এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত উইজডম পাব্লিক স্কুল নামৰ এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ মুকলি কৰা হয়। লৰ্ড পাৰ্শ্বনাথ জ্ঞান ফাউণ্ডেশ্যনৰ তত্বাৱধানত দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ বিজয়নগৰত বিগত ২০১৫ চনতে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খনৰ নতুন তথা অত্যাধুনিক গৃহ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মিৰ্জা-কোকঝাৰ অঞ্চলত মুঠ ১ লাখ ৬৫ হেজাৰ বৰ্গফুট এলেকা সামৰি স্থাপন কৰা এই বৃহৎ পৰিসৰৰ বিদ্যালয়খন মুকলি কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ তথা বিশিষ্ট ব্যৱসায়ী অনিল দাসে।

উল্লেখ্য যে উচ্চশিক্ষিত পুৰুষ-মহিলাৰ দ্বাৰা গঠিত লৰ্ড পাৰ্শ্বনাথ জ্ঞান ফাউণ্ডেশ্যনে পৰিচালনা কৰা উইজডম পাব্লিক স্কুল নামৰ এই শিক্ষা প্ৰতিষ্ঠানখনে অঞ্চলটোত আধুনিক শিক্ষা পদ্ধতিৰ প্ৰয়োগেৰে শিক্ষাক্ষেত্ৰত এক নৱ দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হ’ব।

{{PRx6ntEp8c4ucb9q4yvj}}

অতি কম সময়তে অঞ্চলটোত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা বিদ্যালয়খনে স্থানীয় অৰ্ধশতাধিক যুৱক-যুৱতীক সংস্থাপন দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ উপৰিও বিভিন্ন খেলৰ প্ৰশিক্ষণ প্ৰদানেৰে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিছে। 

বিদ্যালয়খন শুভাৰম্ভ কৰি সমাজকৰ্মী তথা ব্যৱসায়ী অনিল দাসে কয়, “এখন শিক্ষানুস্থানত ছাত্ৰ-ছাত্ৰী,অভিভাৱক আৰু শিক্ষয়ত্ৰী সকলোৰ মাজত যেতিয়া দুৰত্ব কমে আৰু সদ ভাৱ থাকে তেতিয়া বিদ্যালয়খনৰ শিক্ষাব্যৱস্থা বহু উন্নত হ'ব।”

শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলো শাৰীৰিক,মানসিক,বৌদ্ধিক দিশত উৎকৰ্ষ সাধন কৰি এজন ভাল ছাত্ৰ-ছাত্ৰী হিচাপে গঢ় দিয়াই হৈছে বিদ্যালয়খনৰ মুল উদ্দেশ্য।

facebook twitter