Nandita Das take commission for development works 

07:52 AM Feb 20, 2020 | G Plus News

২০ ফেব্ৰুৱাৰী, গুৱাহাটী : বকোৰ বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে নগৰবেৰা ৰাইজৰ তীব্ৰ প্ৰতিবাদ । উন্নয়ণ মূলক কামৰসমূহৰ পৰা  ব্যাপক হাৰত গুণ্ডাটেক্স সংগ্ৰহ কৰাৰ অভিযোগ  নন্দিতা দাসৰ বিৰুদ্ধে। 

ৰাইজে অভিযোগ কৰা মতে বিধায়ক পুঁজি ব্যয়ৰ নামত ব্যাপক হাৰত কমিশ্যন লৈছে বিধায়িকা নন্দিতা দাসে। ৩ নং টুপামাৰী পকী পথৰ পৰা নকিমুদ্দিন মাষ্টৰৰ ঘৰৰ পৰা যোৱা পথ নিৰ্মাণৰ নামত ধাৰ্য ৪ লাখ টকাৰ ৪০ হাজাৰ টকা খৰছ কৰি বাকীখিনি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে।  

আনহাতে সমষ্টিৰ প্ৰতিটো কামতে নন্দিতা দাসক কমিশ্যন দিব লাগে। আনহাতে বিধায়িকাগৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ জলপানিৰ ধনৰ পৰাও টেক্স লয় বুলি ৰাইজে অভিযোগ দিয়ে। 

 বিধায়িকাগৰাকীৰ সকলো কামৰ তদন্ত বিচাৰিছে স্থানীয় ৰাইজে।  তদন্ত কৰিলেই সকলো তথ্য উলায় পৰিব বুলি মন্তব্য প্ৰকাশ কৰে।