+

Miscreants looted 5 lacs rupees in Lakhimpur

১৯ ছেপ্তেম্বৰ, গুৱাহাটী : লক্ষীমপুৰৰ বিহপুৰীয়াত দিন ডকাইতি। ডকাইতে ব্যতিক্ৰমী কৌশলেৰে লুটি নিলে ৫ লক্ষাধিক টকা। বিহপুৰীয়াৰ  ৫নং ৱাৰ্ডৰ বাসিন্দা তথা LICৰ এজেণ্ট বিপিন বৰা নামৰ ব্যক্তিজনে তেওঁৰ আত্মীয় চন্দ্ৰেশ্বৰ হাজৰিকাৰ পৰা ৫ লক্ষাধিক টকা ধাৰলৈ লৈছিল। 

{{uhEPCQjDXUc8dZVvJBuY}}

সেই ধাৰে লোৱা ৫ লক্ষাধিক টকাখিনি বিহপুৰীয়া শাখাৰ ষ্টেট বেংকৰ পৰা উলিয়াই আনি বেগটো বাইকতে ওলমাই থৈছিল। কিন্তু দুৰ্বৃত্তৰ দলটোৱে বাইকৰ হেণ্ডেলত বিশেষ জুলীয়া পদাৰ্থৰ প্ৰলেপ দি থৈছিল। সেই প্ৰলেপ হাতত লগাৰ পাছতে ভুক্তভোগী ব্যক্তিজনে ধুৱলি- কুঁৱলী দেখে। সেই চল বুজি ডকাইতৰ দলটোৱে বেগটো লৈ উধাও হয়। 

facebook twitter