+

miscreants looted 40,000 rupees

২১ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে চিলনী চোৰৰ উপদ্ৰৱ। শণিবাৰে হোজাই জিলাৰ লংকাত চিলনী চোৰে ৪০,০০০ টকা লুটি লৈ যায়। লংকা শাখাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ সন্মুখত ৰূপম দে’ নামৰ ব্যক্তি এজনৰ পৰা এটা দুৰ্বৃত্তৰ দলে টকাখিনি কাঢ়ি লৈ যায়।

প্ৰাপ্ত খবৰ মতে ষ্টেট বেংকৰ সন্মুখত বাইকখন ৰখাই ভুক্তভোগী লোকজনে ইউ বি আই বেংকৰ পৰা পইচাখিনি উলিয়াই আনি বেগ এটাত থৈ দিছিল। সেই সময়তে চিলনী চোৰৰ দলটোৱে টকাখিনি লৈ উধাও হয়। 

{{uhEPCQjDXUc8dZVvJBuY}}


ইতিমধ্যে ঘটনা সম্পৰ্কে ব্যক্তিজনে লংকা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে।  

facebook twitter