+

Miscreants fire on Petrol pump's manager in Nogaon 

১১ অক্টোবৰ, গুৱাহাটী : নগাৱঁত লোমহৰ্ষক ডকাইতিৰ ঘটনা। কালি বিয়লি প্ৰায় ৪.৩০ বজাত নগাওঁ জিলাৰ চিংৰাপট্টিত অস্ত্ৰ সস্ত্ৰসহ দুৰ্বৃত্তৰ দলে এইচ পি পেট্ৰ’ল পাম্পৰ মেনেজাৰজনক গুলীয়াই ডেৰ লাখ টকা লুটি লৈ যায়। 

ঘটনাৰ বিৱৰণীমতে এইচ পি চি পেট্ৰ’ল পাম্পৰ মেনেজাৰ ৰাজু জৈনে দিনৰ ভাগত সংগৃহীত প্ৰায় ডেৰ লাখ টকা বেংকত জমা কৰিবলৈ যাবলৈ গাড়ীৰ বাবে ৰৈ আছিল। ছিক তেনেসময়তে কঠিয়াতলীৰ পিনৰ পৰা অহা তিনি খন মটৰচাইকেলত অহা এটা ৬ জনীয়া দুৰ্বৃত্তৰ দলে মেনেজাৰজনলৈ লক্ষ্য কৰি ৫ জাঁই গুলীচালনা কৰে। 

মূৰত আৰু ভৰিত গুলী লগাত লগে লগে মেনজাৰজন মাটিত ঢলি পৰে।  দুৰ্বৃত্তৰ দলটোৱে মেনজাৰজনৰ হাতৰ পৰা ধনৰ বেগটো লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পাছত স্থানীয় লোকে সংকটজনক অৱস্থাত মেনজাৰজনক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।  

কিন্তু তেওঁৰ আঘাত অতি গুৰুতৰ হোৱাৰ বাবে তেওঁক উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে দুৰ্বৃত্ত দলটোৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰছে।  

facebook twitter