+

Margaret Atwood and Bernardine Evaristo share Booker prize 2019

 ১৬ অক্টোবৰ, গুৱাহাটী : ২০১৯ বৰ্ষৰ বিশ্বৰ সাহিত্য ক্ষেত্ৰৰ অন্যতম সন্মানীয় বঁটা বুকাৰ প্ৰাইজ ঘোষণা। কানাডাৰ মাৰ্গাৰেট এটউড আৰু বিট্ৰেইনৰ বাৰ্ণাৰ্ডিন এভাৰিষ্টোলৈ যুটীয়াভাৱে ২০১৯ বৰ্ষৰ বুকাৰ পুৰস্কাৰ লাভ কৰে।

দীৰ্ঘদিনীয়া পৰম্পৰা ভংগ কৰি ৫ জনীয়া জুৰীৰ দলটোৱে  ১৯৯২ চনৰ পিছত প্ৰথমবাৰৰ বাবে ২০১৯ বৰ্ষত যুটীয়াভাৱে এই বঁটা  প্ৰদান কৰে । ৭৯ বছৰীয়া কানাডাৰ মাৰ্গাৰেট এটউড ‘দ্য হেণ্ডমেডছ টেল’ৰ ছিকুৱেল ‘দ্য টেষ্টামেণ্টছ’ আৰু গ্ৰেট ব্ৰিটেইনৰ বাৰ্ণাৰ্ডিন এভাৰিষ্টোলৈ ‘গাৰ্ল, অ’মেন, অডাৰছ’ উপন্যাসৰ বাবে এই সন্মানীয় বঁটা লাভ কৰে।  

উল্লেখ্য যে, বুকাৰ প্ৰাইজ লাভ কৰা বাৰ্ণাৰ্ডিন এভাৰিষ্টো  প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা।

facebook twitter