Manuscript conservation center opens in Guwahati

11:48 AM Dec 08, 2018 | জি প্লাছ নিউজডেস্ক

গুৱাহাটী - গুৱাহাটীত প্ৰথমবাৰৰ বাবে মুকলি হ’ল এক পাণ্ডুলিপি সংৰক্ষণ কেন্দ্ৰ। গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কত মহাবিদ্যালয়ত মুকলি কৰা হৈছে এই সংৰক্ষণ কেন্দ্ৰটো। ঐতিহ্য সংৰক্ষণ সমিতি অসমৰ উদ্যোগত নিৰ্মাণ কৰা পাণ্ডুলিপি সংৰক্ষণ কেন্দ্ৰটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিছনৰ সহযোগত নিৰ্মাণ কৰি উলিওৱা এই পাণ্ডুলিপি সংৰক্ষণ কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, তথা অধ্যাপকসকলৰ লগতে ঐতিহ্য সংৰক্ষণ সমিতিৰ কৰ্মকৰ্তাও উপস্থিত থাকে।

অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মহাবিদ্যালয়ৰ অধ্যক্ষ ড. বিনীতা ভাগৱতীৰ লগতে ঐতিহ্য সংৰক্ষণ সমিতি অসমৰ মুখ্য উপদেষ্টা তথা অসম তথ্য আয়োগৰ অধ্যক্ষ হিমাংশু শেখৰ দাসো উপস্থিত থাকে।

{{bjhAbJRfbTy1zyy7Fafm}}