+

Majuli's people reacted on "Majuli Gabharu"

১৯ নৱেম্বৰ, গুৱাহাটী : এইবাৰ বিতৰ্কত বাবুৰ শেহতীয়াকৈ মুক্তি লাভ কৰা “মাজুলী গাভৰু”। জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাৰ  এই গীতটি মুক্তি লাভ কৰাৰ পাছতেই মাজুলীত বিৰূপ প্ৰভাৱ পৰিছে। মাজুলীৰ কলা- সংস্কৃতিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে মাজুলীবাসীয়ে। 

মাজুলীৰ বিভিন্ন দল সংগঠনে এই গীতটিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সংস্থা মাজুলী সমিতিয়ে  এই গীতটোৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানা এজাহাৰ দাখিল কৰি কয় -“ মাজুলী সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীৰ সম্যক জ্ঞান নাই। মাজুলীবাসীৰ জাতীয় জীৱনক হেতালি খেলি সত্ৰীয়া সংস্কৃতিৰ  প্ৰাণকেন্দ্ৰক ম্লান ঘটাবৰ বাবে  সস্তীয়া ৰাজনীতি কৰিছে, মাজুলী জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহনা দিছো। ” 

আনহাতে সংগঠনটোৱে কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে  বিহিত ব্যৱস্থা কৰিবলৈও আৰক্ষীক অনুৰোধ কৰে। অন্যথা প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে।

ইয়াৰ পাছতেই মাজুলীবাসীয়ে মাজুলীত বাবুক অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে নিষিদ্ধ কৰি দিয়ে। আনহাতে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে বাবুক মাজুলীবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী কৰে। নহ’লে কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল’ব বুলিও জনায় সত্ৰাধিকাৰগৰাকীয়ে।

facebook twitter