+

Major reshuffle in Assam Police

গুৱাহাটী, ১০ জানুৱাৰী - আজি ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰকাশ কৰা এক নিৰ্দেশনা অনুসৰি অসম আৰক্ষীত ব্যাপক ৰদ-বদল কৰা হৈছে। ইয়াৰ লগতে একাধিক বিষয়াক পদোন্নতিও দিয়া হৈছে।

অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পদৰ পৰা অতিৰিক্ত আয়ুক্ষী অধীক্ষক পদলৈ পদোন্নতি দিয়া হৈছে ৩জন বিষয়াক। ভেৰগাওঁৰ এছডিপিঅ’ বৰুণ পুৰকায়স্থক হাইলাকান্দিলৈ অতিৰিক্ত আৰক্ষী আয়ুক্ত পদসহ বদলি কৰা হৈছে। ইফালে হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসক কাছাৰলৈ বদলি কৰা হৈছে।

মাইবংৰ এছডিপিঅ’ মায়াংক কুমাৰক ওদালগুৰিলৈ বদলিসহ উপ আৰক্ষী অধীক্ষক পদৰ পৰা পদোন্নতি দিয়া হৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ। বোকাজানৰ এছডিপিঅ স্বেতাংগ মিশ্ৰক অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতিসহ ধেমাজিলৈ বদলি কৰা হৈছে।

ৰঙিয়াৰ এছডিপিঅ’ সুমিত শৰ্মাক অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতিসহ নলবাৰীলৈ বদলি, অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথক মৰিগাঁৱলৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ গগৈক ডিমা হাছাওলৈ, উপ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাক মাংবাঙৰ এছ ডি পি অ’ পদলৈ আৰু উপ আৰক্ষী অধীক্ষক শুভ্ৰজিত বৰাক তিতাবৰৰ এছ ডি পি অ’ পদলৈ বদলি।

তিতাবৰৰ এছডিপিঅ’ লুণা সোণোৱালক তৃতীয় অসম আৰক্ষী বেটেলিয়নলৈ সহকাৰী কমাণ্ডেণ্ট হিচাপে বদলি, উপ আৰক্ষী অধীক্ষক কংকনজ্যোতি নাথক ৰঙিয়াৰ এছ ডি পিঅ’ পদলৈ, উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষক ভেৰগাঁৱৰ এছ ডি পিঅ’ পদলৈ, উপ আৰক্ষী অধীক্ষক পি কে পেগুক বোকাজানৰ এছ ডি পিঅ’ পদলৈ, উপ আৰক্ষী অধীক্ষক এম এল মীনাক ঢকুৱাখনাৰ এছ ডি পিঅ’ পদলৈ, উপ আৰক্ষী অধীক্ষক চেনীৰাম শইকীয়াক ২৫ অসম আৰক্ষী বেটেলিয়নলৈ, উপ আৰক্ষী অধীক্ষক বিৰিঞ্চি বৰাক বজালীৰ এছ ডি পিঅ’ পদলৈ আৰু উপ আৰক্ষী অধীক্ষক তিলেশ্বৰ শইকীয়াক ৩য় অসম আৰক্ষী বেটেলিয়নলৈ বদলি কৰা হৈছে।

facebook twitter